Wednesday , June 19 2019
Home / ৰাজনীতি / জগাও অসম,বচাও অসম”

জগাও অসম,বচাও অসম”

 

আন্দোলনৰ কাৰ্যসূচী ঘোষণা প্ৰদেশ কংগ্ৰেছৰ

৭ জানুৱাৰীত ৰাজ্যজুৰি জোৰ সমদল

ষ্টাফৰিপৰ্টাৰ,৫ জানুৱাৰীঃ অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসম চুক্তি উলংঘনৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে “জগাও অসম,বচাও অসম” শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপে ৭ জানুৱাৰীত সন্ধিয়া ৫ বজাৰপৰা ৭ বজালৈ সমগ্ৰ ৰাজ্যজুৰি জোৰ সমদল বাহিৰ কৰা হ’ব। গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে কেন্দ্ৰীয় ভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰি প্ৰত্যেক জিলা কংগ্ৰেছ কমিটীয়ে জিলা সদৰত আৰু প্ৰত্যেক ব্লক কংগ্ৰেছ কমিটীয়ে নিজ নিজ এলেকাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব। অসম ৰক্ষাৰ স্বাৰ্থত এই প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সকলো শ্ৰেণীৰ লোকক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই।

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *