Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট

জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট

গুৱাহাটীৰ প্ৰতিবেদক।। ২৫ জুন।।। জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে অবস্থান সোমা বাৰেধৰ্মঘট পালন কৰে। এই কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক কোচ ৰাজবংশী লোকে অংশ গ্ৰহণ কৰে। প্ৰতিবাদ কৰা সকলে জনজাতিকৰণ আমাৰ নাৰ্য দাবী, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰক আদি শ্লো গান দিয়ে। এই কাৰ্য সূচীত সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল বৰ্মণ, সাধাৰণ সম্পাদক হিমু ৰাজবংশী, এন চি পি ৰ সভাপতি দিজেন অধিকাৰী আদি উপস্থিত থাকে। সন্মিলনীয়ে কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে যৌথভাবে এই প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসুচিৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপযুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ প্ৰেৰণ কৰে।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *