Thursday , July 18 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ মৃত্যু

জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ৮ মাৰ্চ, সাংস্কৃতিক তথা ভ্ৰাম্যমাণ জগতখনৰ বাবে এক অপুৰণীয় ক্ষতি। অসমৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ আজি নেমকেয়াৰ হস্পিটেলত নিশা ২ বাজি ৮ মিনিটত আই চি ইউ ত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি জণ্ডিচ আৰু লিভাৰৰ সমস্যাত ভুগি থকা অভিনেতা গৰাকীৰ অকাল বিয়োগত সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে। অভিনেতা গৰাকীৰ মৃত্যুৰ সময়ত হস্পিটেলত পৰিয়ালৰ সৈতে উপস্থিত আছিল নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্য্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি,নজৰুল হক, ৰফিজুল হক(আলি)ৰ লগতে কিছু মুহূৰ্তৰ বাবে অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ তথা জনপ্ৰিয় অভিনেতা যতীন বৰাও উপস্থিত হৈছিল ।
অভিনেতা গৰাকীৰ অকাল বিয়োগত তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে সাংস্কৃতিক কৰ্মী সকলে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ তত্বাৱধানত সম্পন্ন হ’ল অভিনয় কৰ্মশালা*

*ষ্টাফৰিপৰ্টাৰ, ১৫ জুন’ ২০১৯ – টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী (টিএছএ)য়ে উত্তৰ-পূৱৰ পৰিৱেশ্য কলাৰ শিক্ষাৰ্থীসকললৈ ভালেমান অভূতপূৰ্ব …

Leave a Reply

Your email address will not be published. Required fields are marked *