Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে মুকলি কৰিলে ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০

জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে মুকলি কৰিলে ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে শনিবাৰে গুৱাহাটীস্থিত অ’লিভ গাৰ্ডেনত আয়োজিত এক অনুষ্ঠানত ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০ ৰ প্ৰথমটো সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে এই কেলেণ্ডাৰত আছে অসমৰ মনোৰঞ্জন আৰু গ্লেমাৰ জগতৰ ভালেমান চিনাকি মুখ, যিয়ে আপোনাৰ জীৱনত প্ৰয়োজন হ’ব পৰা বিভিন্ন গেজেট যেনে স্মাৰ্টফোন, টেবলেট আদিকে ধৰি একাধিক সামগ্ৰী সুন্দৰভাৱে উপস্থাপন কৰা হৈছে।
এই কেলেণ্ডাৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আইপিএছ বিষয়া পাৰ্থ সাৰথি মহন্ত, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, বিশিষ্ট অভিনেতা কপিল বৰা, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, সংগীত শিল্পী মানস ৰবীন, ভূপেন উজীৰ, শান্তা উজীৰ, মানস ৰবীন আৰু এডিচি চিন্ময় ফুকন।এই কেলেণ্ডাৰ মুকলি কৰি অভিনেত্ৰী জেৰিফা ৱাহিদে কয়, “এই কেলেণ্ডাৰ মুকলি কৰিবলৈ পাই মই সুখী। ইতিমধ্যেই গেজেটপ্ৰেমীসকলৰ বাবে ডাটামেশ্যন একক কেন্দ্ৰত পৰিণত হৈছে। এই কেলেণ্ডাৰৰ যোগেদি প্ৰযুক্তিক্ষেত্ৰলৈ অহা শেহতীয়া উদ্ভাৱনসমূহ সন্দৰ্ভত উপভোক্তাৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।” বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই কয় ” ডাটামেছন সুন্দৰ কেলেণ্ডাৰ উলিয়াইছে। জেৰিফা ৱাহিদৰ দৰে সুন্দৰ অভিনেত্ৰীক লৈ কেলেণ্ডাৰ খন উলিয়াইছে। তাৰ বাবে অভিনন্দন জনালোঁ।’ কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ডাটামেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন আগৰৱালে কয়, “আমাৰ প্ৰথম সংস্কৰণৰ এই গেজেট কেলেণ্ডাৰ গুৱাহাটীত মুকলি কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছো। এই ডাটামেশ্যন ষ্টোৰ সম্প্ৰতি তথ্য প্ৰযুক্তি সম্পৰ্কীয় সামগ্ৰীৰ খুচুৰা আৰু বিপণনৰ এক ছুপাৰষ্টোৰ হিচাপে পৰিগণিত হৈছে। আৰু শেহতীয়া প্ৰযুক্তি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অক্ষুণ্ণ ৰাখি আমি আগবাঢ়ি যাবলৈ ওলাইছো আৰু এই শেহতীয়া সামগ্ৰীবোৰ আমাৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। উল্লেখ্য যে এনে ধৰণৰ কেলেণ্ডাৰ প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে।”

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *