Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / জাতিয়ে স্মৰণ কৰিলে কলাগুৰক।

জাতিয়ে স্মৰণ কৰিলে কলাগুৰক।

জাতিয়ে স্মৰণ কৰিলে কলাগুৰক।।।।।

শ্ৰীময়ী অসমীৰ স্ৰষ্টা পুৰুষোত্তম দাসকো স্মৰণ কৰিলে।।।

গুৱাহাটীৰ প্ৰতিবেদক।।20 জুন।।। আজি সমগ্র ৰাজ্য জুৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্য সূচীৰে কলগুৰুক স্মৰণ কৰা হয়।
অসম চৰকাৰৰ সাংস্কৃতিক
সঞ্চালকালয়ৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাংসদ প্ৰদান বৰুৱাৰ লগতে বহুসংখ্যক গণ্য–মান্য ব্যক্তি। এই অনুষ্ঠানতে ২০১৮ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয় প্ৰসিদ্ধ ভাষ্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী আৰু নৃত্যশিল্পী গুণেশ্বৰ ভূঞাক। মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰে এই বঁটা। ইফালে আজি শ্ৰীময়ী অসমীৰ স্ৰষ্টা পুৰুষোত্তম দাসকো স্মৰণ কৰা হয়। এই উপলক্ষে ৰং ঘৰ বৰপেটাৰ উদ্যোগত গুৱাহাটীৰ জ্যোতি চিত্রবনত বিশেষ অনুস্থানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কথা শিল্পী ৰত্ন ওজাক সম্বৰ্ধনা জনোৱা হয়।

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *