Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ

জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ

#জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ৷
#সঠিক আৰু শুদ্ধ ৰূপত ঢোঁলৰ প্ৰশিক্ষণত গুৰুত্ব৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: অসমীয়া লোকবাদ্য ঢোঁলৰ সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন তথা ঢোলবাদ্যৰ প্ৰতিটো চেঁও শুদ্ধৰূপত আয়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি জামুগুৰিহাটত কণ কণ প্ৰশিক্ষাৰ্থীসকলৰ মাজত এক ঢোঁল বাদনৰ প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ চৌহদত “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ সৌজন্যত আৰু ৮৫ সংখ্যক জামুগুৰি বিহুমেলাৰ সহযোগত যোৱা ১২ ছেপ্টেম্বৰৰপৰা আৰম্ভ হোৱা এই ৬ মহীয়া প্ৰশিক্ষণ শিৱিৰত প্ৰায় শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে৷প্ৰতি সপ্তাহৰ শণি আৰু ৰবিবাৰে বিয়লি ২ বজাৰপৰা আৰম্ভ এই প্ৰশিক্ষণ শিবিৰত ঢোঁলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিশিষ্ট ঢুলীয়া-ঢোঁলৰ ওজা তথা বিচাৰক নিৰঞ্জণ গোস্বামী,বিশিষ্ট ঢুলীয়া-বিচাৰক জোনমণি বৰুৱা,ঢুলীয়া জুমণি শইকীয়া,জ্যোতিপ্ৰসাদ বৰুৱাকে ধৰি কেবাগৰাকীও খ্যাতনামা ঢোঁলবাদকে৷প্ৰশিক্ষণৰ সময়চোৱাত প্ৰশিক্ষকসকলে লোকবাদ্য ঢোঁলৰ প্ৰতিটো চেঁও সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰোৱাৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰতিটো বিষয় আয়ত্ব কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷প্ৰয়াত শিল্পী হলি বৰাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ঢোঁলবাদনত পাৰ্গত হৈ অসমীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰে “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ সম্পাদক বেদব্ৰত বৰা,সহযোগী সম্পাদক ড° কন্দৰ্প শইকীয়া আৰু কাৰ্যালয় সম্পাদক ঈশ্বৰ চন্দ্ৰ বৰাই৷লোকসংস্কৃতিৰ সাধক তথা এগৰাকী সুযোগ্য জামুগুৰীয়া সন্তান প্ৰয়াত শিল্পী হলি বৰাই ৮০ আৰু ৯০ৰ দশকতে ভাৰত চৰকাৰৰ ছং এণ্ড ড্ৰামাৰ জৰিয়তে এটি থলুৱা শিল্পীৰ দল লগত লৈ জামুগুৰিহাটৰ বিহু আৰু শংকৰী কলা সংস্কৃতিক ভাৰতবৰ্ষত প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল৷এইগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত শুদ্ধ আৰু নিখুত ৰূপত ঢোঁলৰ প্ৰশিক্ষণ শিবিৰ অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটত অনুষ্ঠিত হোৱাটো এক প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷উল্লেখ্য যে বিভিন্ন কৰ্মসুত্ৰে গুৱাহাটীলৈ গৈ গুৱাহাটীৰ বাসিন্দা হৈ পৰা লোকসকল একত্ৰিত হৈ বিগত সময়ত গঠণ কৰিছিল “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম” নামৰ এটি অনষ্ঠান আৰু এই অনুষ্ঠানটিয়ে ইতিমধ্যে জামুগুৰিহাটৰ বিহু সংস্কৃতিৰ ওপৰত বিগত বৰ্ষসমুহতো কেবাটিও ইতিবাচক কাৰ্য্যসুচী হাতত লৈছে৷জামুগুৰিহাটৰ বিহু,কলা-সংস্কৃতি ৰাজ্যখনৰ লগতে দেশবাসীৰ আগত সঠিক ৰূপত তুলি ধৰাৰ উদ্দেশ্যৰেই বিহু সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ বিষয়ববীয়া তথা সদস্যসকলে৷যিটো সময়ত একাংশ লোকে অসমীয়া সংস্কৃতি বিকৃত কৰাৰ অভিযোগ উঠিছে সেই সময়ত অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ ঢোঁলৰ প্ৰতিটো চেঁও বা দিশ এইদৰে শুদ্ধ আৰু সঠিক ৰূপত উপস্থাপন কৰি স্বকীয়তা ৰক্ষাৰ বাবে আগবাঢ়ি অহা “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ এই উদ্যোগ এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে৷
জোন বৰা,জামুগুৰিহাট।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *