Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা
অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ যাপন সমিতি গঠন :

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৭ অক্টোবৰ: অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিলৈ অনবদ্য অৰিহণা আগবঢ়াই যোৱা, এগৰাকী প্ৰবাসী অসমীয়া হৈও জাতীয়তাবোধ, মাতৃভূমিৰ প্ৰতি স্নেহ আৰু মাটিৰ মোহক প্ৰতিটো মুহূৰ্তত হৃদয়ত স্থান দিয়া, বিশ্ব বৰেণ্য গণিতজ্ঞ, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথকে ধৰি কুৰি খনৰো অধিক অসমীয়া গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা তথা অসমীয়া সাহিত্য সন্মিলনীৰ তৃতীয় গৰাকী সভাপতি আমেৰিকা নিবাসী ড০ দিলীপ কুমাৰ দত্তৰ অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় স্মৃতি চাৰণ সভা আজি জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সভাপতি গোলাপ কলিতাই সভাপতিত্ব কৰা সভাখনৰ প্ৰাৰম্ভিকতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। অনুষ্ঠানটি মুকলি কৰি নিজেও এগৰাকী গণিতৰ শিক্ষক হিচাপে গুৱাহাটীত অনুষ্ঠিত মাহজোৰা গণিতৰ কৰ্মশাত এগৰাকী প্ৰশিক্ষক হিচাপে লগ পোৱা দিলীপ কুমাৰ দত্তৰ বিদ্যায়তনিক বুৎপত্তি আৰু বিশ্বত গণিতক জনপ্ৰিয় কৰি তোলাৰ বাবে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি এনে এগৰাকী ব্যক্তিক অসমে চিনি নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে। শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ জিলা সম্পাদক চাৰু কমল নেওগ আৰু জামুগুৰি আঞ্চলিকৰ সম্পাদক দুলমণি নাথে আঁতধৰা সভাখনত দিলীপ কুমাৰ দত্তৰ জীৱন আৰু কৃতিত্ব সম্পৰ্কত স্মৃতি চাৰণ কৰে বিশিষ্ট লেখক, কবি ডাঃ হৰেন শইকীয়াই আৰু অসমীয়া সাহিত্য সন্মিলনীলৈ দিলীপ কুমাৰ দত্তৰ অৱদান সম্পর্কে আলোকপাত কৰে সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। ভাষণ প্ৰসংগত কলিতাই কয় যে দিলীপ কুমাৰ দত্তই অসমীয়া সাহিত্য সন্মিলনীক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ এক শক্তিশালী জাতীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিব বিচাৰিছিল যিটো অনুষ্ঠানক সকলো অসম প্ৰেমী আৰু অসমীয়া প্ৰেমীয়ে আদৰেৰে গ্ৰহণ কৰে, এই ক্ষেত্ৰত চৰকাৰ বা বিত্তীয় প্ৰতিষ্ঠানৰ সাহায্যৰ বিপৰীতে ৰাইজৰ দান বৰঙণি ৰে অনুষ্ঠান টো আগবঢ়াই নিয়াৰ মত পোষণ কৰিছিল। দিলীপ কুমাৰ দত্তৰ স্মৃতি ৰক্ষাৰ্থে সন্মিলনীয়ে এখনি স্মৰণ গ্ৰন্থ প্ৰকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সভাক জানিবলৈ দিয়ে। উল্লেখ্য যে ইয়াৰ পাছতে আগন্তুক ২০২০ চনৰ ৮, ৯, ১০ ফেব্ৰুৱাৰীত জামুগুৰিহাটত অনুষ্ঠিত হ’বলগীয়া সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ ওপৰত আলোচনা কৰি এখনি উদ্দিন যাপন সমিতিও গঠন কৰা হয়। সেই মৰ্মে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ আজি গঠন কৰা উদ্ যাপন সমিতিখন ক্ৰমে উপদেষ্টা ড০ মুকুল চক্ৰৱৰ্তী, ড০ দিলীপ বৰা আৰু ধৰ্মেশ্বৰ হাজৰিকা। সভাপতি গোলাপ কলিতা, কাৰ্যকৰী সভাপতি ডা: হৰেন শইকীয়া, উপ সভাপতি ড০ অজিত হাজৰিকা, জগত শইকীয়া আৰু শৈলেন বৰকটকী। প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰ আৰু চাৰু কমল নেওগ, সহ: সম্পাদক কৃষ্ণকান্ত তালুকদাৰ আৰু ধৰ্মেন্দ্ৰ নাথ, কাৰ্যালয় সম্পাদক বাবলু হাজৰিকা। ইয়াৰোপৰি আজিৰ সভাতে কেইবাখনো উপ সমিতি গঠন কৰা হয়। সেই মৰ্মে স্মৃতি গ্ৰন্থ উপ সমিতিত উপদেষ্টা নাৰায়ণ শইকীয়া, ড০ অনুৰাধা শৰ্মা আৰু ড০ বিপুল জ্যোতি শইকীয়া, সভাপতি মহেশ্বৰ বৰা, উপ সভাপতি দিলীপ কুমাৰ ভট্টাচার্য, সম্পাদক বেদব্ৰত বৰা, কলা সম্পাদক বিষ্ণু তামুলী, সহ: সম্পাদক ঈশ্বৰচন্দ্ৰ বৰা আৰু দুলমণি নাথ। সাহিত্য বিভাগৰ উপদেষ্টা তৰুণ বৰুৱা, সভাপতি দীপাংকৰ বৰা, উপ সভাপতি বিপুল বৰা, সম্পাদক বাসৱ ভূঞা, সত্য বৰা। সাংস্কৃতিক উপ সমিতিৰ উপদেষ্টা চক্ৰপাণি শৰ্মা, সভাপতি লক্ষ্মী প্ৰসাদ বৰুৱা, সম্পাদক প্ৰেশৱ কলিতা, স্বৰাজ কটকী, সহ: সম্পাদক গীতা শইকীয়া, কৰ্পূৰ মঞ্জুৰী তালুকদাৰ। প্ৰচাৰ – উপদেষ্টা সঞ্জীব হাজৰিকা, আনোৱাৰ আহমেদ, সভাপতি ফণীন্দ্ৰ বৰুৱা, সম্পাদক ৰাজমণি ভূঞা, দুৰ্গা পৌঢ়েল। ব্যৱস্থাপনা – সভাপতি দিলীপ ভট্টাচার্য, সম্পাদক ৰঞ্জন কুমাৰ দাস, বাবলু হাজৰিকা। খাদ্য – উপদেষ্টা লীলা ভূঞা, দণ্ডি নাথ, সভাপতি মহেন্দ্র বৰুৱা, সম্পাদক অপূর্ব ভট্টাচার্য, জিতেন কলিতা, অভ্যৰ্থনা উপদেষ্টা ভীমলাল শৰ্মা, সভাপতি পদুম দাস, সম্পাদক মহেশ কাকতী, কবিতা শৰ্মা। ইয়াৰোপৰি আজিৰ সভাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ইতিহাস সম্বলিত এখনি গ্ৰন্থ প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়, ‘জামুগুৰিহাটৰ ৰূপৰেখা’ শীৰ্ষক প্ৰস্তাৱিত গ্ৰন্থখনৰ সম্পাদনা সমিতিখন ক্ৰমে উপদেষ্টা গোলাপ কলিতা, সুৰেন কলিতা, সভাপতি হেম বৰুৱা, সম্পাদক মিংকু কলিতা আৰু চাৰু কমল নেওগ। ২০২০ চনৰ ফেব্ৰুৱাৰীৰ ৮,৯,১০ তাৰিখে অনুষ্ঠিতব্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, ৰাজ্যিক ভিত্তিত সাহিত্য প্ৰতিযোগিতা, অবিভক্ত শোণিতপুৰ জিলা ভিত্তিত আন্ত:বিদ্যা লয় প্ৰাচীৰ পত্ৰিকা আৰু হাতে লিখা আলোচনী প্ৰতিযোগিতা, সাহিত্য উৎসৱ, গ্ৰন্থ উন্মোচন, নাট্য আৰু সাংস্কৃতিক অনুষ্ঠান মুখ্য হিচাপে গ্ৰহণ কৰা হৈছে। অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
জোন বৰা,জামুগুৰিহাট।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *