Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জামুগুৰিহাটত ৰাজহুৱা শ্মশানৰ উদ্বোধন বিধায়ক পদ্মৰ

জামুগুৰিহাটত ৰাজহুৱা শ্মশানৰ উদ্বোধন বিধায়ক পদ্মৰ

জামুগুৰিহাটত ৰাজহুৱা শ্মশানৰ উদ্বোধন বিধায়ক পদ্মৰ৷
#৮ লাখ টকা ব্যয়সাপেক্ষে চাহিয়া বাকৰিত নিৰ্মাণ শ্মশানৰ

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১২ আগষ্ট:মৃত্যু চিৰন্তণ সত্য৷এই সত্যক মানি চলিয়েই প্ৰতিগৰাকী ব্যক্তিয়েই এক নিৰ্দিষ্ট সময়ত এই ধৰাৰ পৰা অনন্তধামলৈ গতি কৰে৷মৃত্যুৰ পিছত প্ৰতিগৰাকী মৃতকৰ শৱদেহ সৎকাৰৰ বাবে একোখন সুন্দৰ ঠাইৰ প্ৰয়োজন৷যাতে মৃত ব্যক্তিগৰাকীক শ্ৰদ্ধা আৰু সন্মান সহকাৰে সেই স্থানত সৎকাৰ কৰি শেষকৃত সম্পন্ন কৰিব পাৰে৷মই ভাবো মৃত ব্যক্তিগৰাকীক এডোখৰ পৰিষ্কাৰ পৰিচন্ন নিকা স্থানত সৎকাৰ কৰিলে মৃত ব্যক্তিগৰাকীৰ আত্মাই শান্তি লাভ কৰিব৷সেয়েহে মই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত একোখনকৈ উপযুক্ত শ্মশান নিৰ্মাণৰ ওপৰত গুৰুত্ব দি আহিছো৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷জামুগুৰিহাটৰ জামুগুৰি ষ্টেডিয়ামৰ সমীপৰ চাহিয়া বাকৰিত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ৰাজহুৱা শ্মশানৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক গৰাকীয়ে এইদৰে কয়৷আজি পুৱা ১১ বজাত এই উদ্দেশ্যে অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত বিধায়কগৰাকীয়ে লগতে এইবুলিও উল্লেখ কৰে যে নৱ নিৰ্মিত ৰাজহুৱা শ্মশানখনে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ সামৰ্থ হ’ব৷মাধৱ গাঁৱৰ শিক্ষক,যুৱ সমাজকৰ্মী তথা নৱ নিৰ্মিত শ্মশানখনৰ তদাৰকৰ দায়িত্বত থকা প্ৰদীপ ভূঞাই আঁত ধৰা সভাখনত উপস্থিত থাকি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত বৰাই শ্মশানখন নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে লোৱা পদক্ষেপৰ বাবে তেঁওক প্ৰশংসা কৰে৷প্ৰায় ৮ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই ৰাজহুৱা শ্মশানৰ উদ্বোধনী অনুষ্ঠানত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,জামুগুৰি নগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰেণ আগৰৱালা,বিজেপিৰ জ্যেষ্ঠ নেতা তুৱা বৰা,সমাজকৰ্মী অতুল হাজৰিকা,মতি কুমাৰ নেৱাৰ,বিজেপিৰ যুৱ নেতা প্ৰদীপ কুমাৰ হাজৰিকা,ৰাজেশ শৰ্মা,ডেকাসুন্দৰ লাটৰ গাঁওবুঢ়া দিলীপ বৰুৱাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷উল্লেখ্য যে নৱ নিৰ্মিত শ্মশানখনত অতি শীঘ্ৰেই নিশাৰ ভাগতো পোহৰাই তুলিবলৈ বিদ্যুৎৰ ব্যৱস্থা কৰা হ’ব বুলি আজি উদ্বোধনী অনুষ্ঠানতে উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই৷
জোন বৰা ,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *