Monday , January 20 2020
শেহতীয়া খবৰ
Home / Uncategorized / জামুগুৰিহাটৰ ‘কন্যকা’ৰ গামোচাক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

জামুগুৰিহাটৰ ‘কন্যকা’ৰ গামোচাক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

 

জামুগুৰিহাটৰ পৰা জোন বৰা, ৫এপ্ৰিল:-জামুগুৰিহাটৰ ‘কন্যকা বোৱা-কটা’ সমবায় সমিতিয়ে আগন্তুক ৰঙীন বিহুৰ সময়ত ৰাজ্যৰ বজাৰত মুকলি কৰি দিব প্ৰায় ৫০হাজাৰ গামোচা । অসমীয়া ৰাইজৰ স্বভীমানৰ প্ৰতিক এই গামোচা বজাৰত উলিওৱা দিবৰ বাবে এতিয়া শতাধিক শিপীনিয়ে দিনে নিশাই ব্যস্ত হৈ পৰিছে ।বহি:ৰাজ্যত উৎপাদিত গামোচাৰ আমদানি বন্ধ কৰিবৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা ‘কন্যকা বোৱা-কটা সমবায় সমিতি’য়ে ইতিমধ্যেই ব’হাগ বিহুৰ বতৰত উৎপাদিত গামোচা বিক্ৰী কৰিবৰ বাবে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বিক্ৰীকেন্দ্ৰ স্হাপন কৰিছে ।এশ টকাৰ পৰা হাজাৰ টকা মূল্যত বিক্ৰী হ’ব লগা এই গামোচা উৎপাদৰ বাবে কন্যকা বোৱা-কটা সমবায় সমিতিৰ উদ্যোগত অঞ্চলটোৰ পানপুৰ, নাগশংকৰ,জামুগুৰি মাকেটিং সমবায় সমিতিত প্ৰায় তিনি শতাধিক প্ৰশিক্ষনপ্ৰাপ্ত শিপিনীয়ে আধুনিক তাঁতশালত এই থলুৱা গামোচা বৈ আছে ।অন্ধ্ৰপ্ৰদেশৰ আমদানিকৃত গামোচাৰ প্ৰচলন ৰোধ কৰিবলৈ বাবে আধুনিক ‘মাইনাও’ তাতঁ শালত গামোচাৰ উপৰিও চেলেং,চাদৰ মেখেলা আৰ জনজাতিয় সাজপাৰ উৎপাদন কৰা হৈছে ।মন কৰিবলগীয়া যে অসমীয়াৰ পৰিচয় তথা স্বভিমানৰ প্ৰতিক গামোচা উৎপাদিত হোৱা স্হান জামুগুৰিহাটৰ মাকেটিং ছ’ছাইটিত যোৱা ২ এপ্ৰিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হৈ শিপিনিৰ তাঁত শালত উৎপাদিত গামোচা প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে আৰু কন্যকা বোৱা-কটা সমবায় সমিতিৰ উদোগত লোৱা এই পদক্ষেপে জাতিৰ স্বাকীয় ৰক্ষাত সহায় কৰিব বুলিও উল্লেখ কৰে

About Staff Reporter

চাব পাৰে

তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসম চৰকাৰে জ্যোতি চিত্ৰবনৰ উদ্যোগত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিচনৰ সহযোগত আয়োজন কৰা তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ সফলতা কামনা কৰে। এই মহোৎসৱত দেশ বিদেশৰ বহু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলী তথা চলচ্চিত্ৰ সমালোচকে অংশগ্ৰহণ কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬৫ খন দেশৰ প্ৰায় ১০০ৰো অধিক চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে সকলো চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *