Sunday , February 23 2020
Home / আঞ্চলিক / জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

#জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক৷
#হলি চাইল্ড ইংলিচ স্কুলতো উদযাপন গণৰাজ্য দিৱস৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ জানুৱাৰী: দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহিদসকলক সোঁৱৰি ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল টনকিয়াল কৰাৰ মানসৰে জামুগুৰিহাটৰ টুপীয়াত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়৷টুপীয়া সমুহীয়া ভৱন প্ৰাঙ্গনৰ খেলাপথাৰত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱস কাৰ্য্যসুচীত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিধায়ক হাজৰিকাই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাণীক সৰোগত কৰি আগবাঢ়ি যাবলৈ আহবান জনায়৷সভাত বিধায়ক হাজৰিকাই অঞ্চলটোৰ বহুকেইগৰাকী প্ৰাক্তন জোৱান,বয়োজেষ্ঠ ব্যক্তি আৰু বিভিন্ন ক্ষেত্ৰত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা লোকসকলকো সম্বৰ্ধনা জনায়৷যুৱ সমাজকৰ্মী সঞ্জয় শৰ্মাই আঁত ধৰা গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানটিত শিক্ষক সমাজকৰ্মী নিতুমণি বৰাইও ভাষণ প্ৰদান কৰে৷ইফালে জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি চাইল্ড ইংলিছ স্কুলতো উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭১ ত্বম গণৰাজ্য দিৱসৰ কাৰ্য্যসুচী৷বিদ্য়ালয়খনৰ ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়ত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থকা গণৰাজ্য দিৱসৰ কাৰ্য্যসুচী অনুসৰি পুৱা ৮:৩০ বজাত বিদ্যালয়খনৰ সঞ্চালক মতি কুমাৰ নেৱাৰে ত্ৰিৰংগা উত্তোলন কৰাৰ পিছতেই বিদ্যালয়খনৰ সচিব সঞ্জয় কুমাৰ নেৱাৰ আৰু অধ্যক্ষ কুমাৰ নেৱাৰে বক্তব্য ৰাখে৷বিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰশিক্ষক-শিক্ষক বেণুধৰ দাসৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত অভিবাদন অনুষ্ঠান আছিল দিনটোৰ মূখ্য আকৰ্ষণ৷ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত চমু সাংস্কৃতিক কাৰ্য্যসুচীত পঞ্চম শ্ৰেণীৰ ছাত্ৰী অমৃত প্ৰীতম ভৰদ্বাজৰ কবিতা আবৃত্তি,গাৰ্গী আহমেদৰ বক্তব্য আৰু পায়েল প্ৰিয়া শৰ্মাৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰা পৰালক্ষিত হয়৷ জোন বৰা,জামুগুৰিহাট।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *