Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জামুগুৰি আৰক্ষীৰ সুৰাবিৰোধী অভিযান

জামুগুৰি আৰক্ষীৰ সুৰাবিৰোধী অভিযান

#জামুগুৰি আৰক্ষীৰ সুৰাবিৰোধী অভিযান৷
#জব্দ কৰিলে ডেৰ শতাধিক অবৈধ সুৰাৰ বটল

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১২ আগষ্ট:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জামুগুৰি চলাই থকা তালাচী অভিযানৰ মাজতে সুৰাবিৰোধী অভিযানো সমান্তৰাল ৰূপত অব্যাহত ৰাখিছে৷বিগত দিনসমুহত জামুগুৰিহাট,টুপীয়া,ধলিইবিল,মৰিসুতিকে ধৰি বিভিন্ন স্থানত সুৰাবিৰোধী অভিযান অব্যাহত ৰখা জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰিকীয়ে কালি নিশাও অঞ্চলটোৰ কাঠবাৰী আৰু বামুণবাৰীত অভিযান চলাই বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিক্ৰীৰ বাবে মজুত কৰি ৰখা এই প্ৰায় ডেৰ শতাধিক অবৈধ সুৰাৰ বটল গোপন স্থানত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে জামুগুৰি আৰক্ষীয়ে৷জব্দকৃত অবৈধ অৰুণাচলী সুৰাসমুহ জামুগুৰি আৰক্ষীয়ে থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত আবকাৰী বিভাগত চমজি দিয়াৰ ব্যৱস্থা কৰে৷অৱশ্যে অবৈধ অৰুণাচলী সুৰাসমুহ জব্দ কৰে যদিও আৰক্ষী যোৱাৰ উমান সুৰা বিক্ৰেতাসকল পলাই যাবলৈ সক্ষম হয় আৰক্ষীয়ে জানিব দিয়ে৷
জোন বৰা,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *