Thursday , November 21 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰাৰ সফলতা

জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰাৰ সফলতা

#জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰাৰ সফলতা৷
#ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত৷
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১১ অক্টোবৰ:স্কুল গেমছ ফেডাৰেচন অফ ইণ্ডিয়াৰ দ্বাৰা সদৌ অসম ভিত্তিত অনুস্থিত হোৱা বাছনি প্ৰক্ৰিয়াত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ টাইকোৱানদো চেম্পিয়নশ্বিপ ২০১৯-২০ লৈ জামুগুৰিহাটৰ জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰা নিৰ্বাচিত হৈছে৷১৪ বছৰ অনুৰ্ধ্বৰ ২৩কেজি ওজনৰ শাখাত যোৱা ১০ আৰু ১১ অক্টোৱৰত দিছপুৰৰ ভোগেশ্বৰী ফুকননী আন্তঃ ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক বাচনি টাইকোৱানণ্ডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰা৷অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা জামুগুৰিহাটৰ উজ্জ্বল বৰাৰ এই সফলতাত জামুগুৰি টাইকোৱানণ্ডো একাডেমীৰ প্ৰশিক্ষক সকল আনন্দিত হৈ পৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত অংশগ্ৰহণ কৰি উজ্জ্বলে সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে৷
জোন বৰা,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবলত কমলপুৰ ষ্টাৰ ক্লাৱ চেম্পিয়ন

*মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবলত কমলপুৰ ষ্টাৰ ক্লাৱ চেম্পিয়ন* প্ৰতিবেদক, ৰঙিয়া, ১০ নৱেম্বৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *