Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / জালুকবাৰী সমষ্টিৰ বংশৰত সুৰা বিপনীৰ বিৰোধিতাৰে ৰাজহুৱা সভা

জালুকবাৰী সমষ্টিৰ বংশৰত সুৰা বিপনীৰ বিৰোধিতাৰে ৰাজহুৱা সভা

জালুকবাৰী সমষ্টিৰ বংশৰত সুৰা বিপনীৰ বিৰোধিতাৰে ৰাজহুৱা সভা।

পঙ্কজ নাথ, চাংসাৰি, ২৫ আগষ্ট :

জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিয্যমণ্ডিত ৰেচম গ্ৰাম বৃহত্তৰ শুৱালকুছি তথা ইয়াৰ সমীপৱৰ্তী বামুন্দী, বংশৰ অঞ্চলত এখনো অনুজ্ঞাপত্ৰ প্ৰাপ্ত সুৰা বিপনী নাই । এই বাবেই অঞ্চলটোৰ ৰাইজে নিজকে সুৰামুক্ত গাঁওৰ বাসিন্দা বুলি গৌৰৱ কৰাৰ থল আছে । কিন্তু এজন বিতৰ্কিত ব্যৱসায়ী অঞ্চলটোৰ স্থানীয় ৰাইজৰ মতৰ বিপৰীতে গৈ ধনবল, বাহুবল আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি বংশৰ-শ্ৰীহাটী সংযোগী পথৰ বেদান্তপুৰত এখন বিলাতী সুৰাৰ বিপনী স্থাপন কৰাৰ যো-জা চলোৱাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে, আছু আৰু গাঁওৰক্ষী বাহিনী । ইয়াৰ পৰিপ্ৰেক্ষিততে কালি শণিবাৰৰ নিশা বেদান্তপুৰ ৰাইজ গয়ৰহৰ সভাপতি প্ৰকাশ দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক শৈলেন বৈশ্যই সুৰা বিপনী স্থাপনৰ সম্পৰ্কত ৰাইজৰ মতামত বিচৰাত সমূহ ৰাইজে একেমুখে অঞ্চলটোৰ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত সুৰা বিপনী স্থাপনৰ বিৰোধিতা কৰে । ৰাজহুৱা সভাত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মাই স্থানীয় ৰাইজক এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে গণতান্ত্ৰিক পদ্ধতিৰে সুৰা বিপনীখন স্থাপন প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাৰ হুংকাৰ দিয়ে । ইয়াৰ লগতে তেওঁ কয় যে ছাত্ৰ সন্থাই সকলো প্ৰকাৰৰ শক্তি প্ৰয়োগ কৰি হলেও বৃহত্তৰ শুৱালকুছিক সুৰামুক্ত গাঁওৰ গৌৰৱ অটুত ৰাখিবলৈ আগবাঢ়িব । সভাত উপস্থিত থাকি শুৱালকুছি গাওৰক্ষী বাহিনীৰ সভাপতি নৱ কুমাৰ দাসে ৰাইজক একত্ৰিত হৈ এই সমাজধ্বংসী শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ আহ্বান জনায় । উক্ত ৰাজহুৱা সভাত উপস্থিত থাকি প্ৰাক্তন আছুনেতা তথা সাংবাদিক মৃণাল কুমাৰ ডেকা শৰণীয়াই অঞ্চলটোত কোনোপধ্যেই সুৰা বিপনী হব নোৱাৰে বুলি সকীয়াই দিয়ে । ইয়াৰ লগতে সভাত প্ৰায় শতাধিক ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ নয়ন বৈশ্য, পাণ্ডু মহাবিদ্যালয় এবিভিপি গোটৰ যুটীয়া সম্পাদক হিমাংশু বৈশ্য উপস্থিত থাকি সুৰা বিপনী স্থাপনৰ বিৰোধিতা কৰে । কালিৰ সভাৰ শেষত সুৰা বিপনী স্থাপনৰ বিৰোধিতাৰে বৃহত্তৰ শুৱালকুছি অঞ্চলৰ তুলীয়া ৰাইজ, দল-সংগঠন, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ কামৰূপ জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও পঙ্কজ …

Leave a Reply

Your email address will not be published. Required fields are marked *