Sunday , February 23 2020
Home / আঞ্চলিক / জিনজিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু বণিক সন্থাৰ সহযোগত স্বচ্ছ ভাৰত অভিযান

জিনজিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু বণিক সন্থাৰ সহযোগত স্বচ্ছ ভাৰত অভিযান

জিনজিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু বণিক সন্থাৰ সহযোগত স্বচ্ছ ভাৰত অভিযান
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি, ৩০ছেপ্তেম্বৰ:- জাতিৰ পিতা মহা- মানৱ
মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ প্ৰতিটো সময়তে হাতত লাঠি – বন্ধুক লৈ ফুৰা আৰক্ষী বিভাগৰ হাতত দেখা গল ঝাডু।আজি পুৱাৰে পৰা গহপুৰ মহকুমাৰ হাৱাজানৰ আৰক্ষী চকী আৰু বণিক সন্থাৰ লগতে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্রী সকলে এক গোট হৈ থানা খনৰ লগতে হাৱাজান চেন্টাৰৰ বিভিন্ন ঠাইত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতে হাতে তুলি ল’লে ঝাড়ু।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অহা ২ অক্টোবৰ তাৰিখ লৈকে এই কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰকাশ কৰে হাৱাজান আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়াই ।
ইফালে আজি জিনজিয়াতো দেখা গ’ল স্বচ্ছ ভাৰত অভিযান । জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু থানা খনৰ আৰক্ষী জোৱানৰ লগতে স্থানীয় ৰাইজ আৰু জিনজিয়া বণিক সন্থাৰ সদস্য সকল এক গোট হৈ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে। জিনজিয়া চেন্টাৰৰ লগতে থানা প্ৰাংগণত এই কাৰ্যসূচী গ্ৰহণ কৰি আৰক্ষী বিষয়া বিশ্বজিত মেধিয়ে স্বচ্ছতাৰ দিশত সকলোকে সজাগ হ’বলৈ আহবান জনায়।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *