Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / জি এনআৰচি হাস্পতালত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

জি এনআৰচি হাস্পতালত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৭ মে, গুৱাহাটীৰ দিছ্পুৰস্থিত উত্তৰ পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটি জি এন আৰ চি হাস্পতালত শুকুৰবাৰে বিশ্ব ৰক্তচাপ দিবস পালন কৰা হয়।এইবাৰৰ উচ্চ ৰক্তচাপ দিৱসৰ শীৰ্ষক হ’ল “ন” ইয়ৰ নাম্বাৰ।উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক উচ্চ ৰক্তচাপৰ বিষয়ে সজাগ কৰাৰ বাবে আৰু উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই উদ্দেশ্যে হাস্পতাখনত এক সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ হৃদৰোগ বিভাগৰ পৰামৰ্শদাতা ডাঃ প্ৰবীৰ কুমাৰ গুপ্তই কয়-“প্ৰতিবছৰে ১০ নিযুত ব্যক্তি উচ্চৰক্তচাপ জনিত ৰোগত আক্রান্ত হোৱা বাবে মৃত্যু মুখত পৰে। শেহতীয়াকৈ এক সমীক্ষাত পোৱা গৈছে যে, ভাৰতবৰ্ষৰত ১৮-২৫ বছৰৰ লোকসকলে ২১.১ শতাংশ উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে ষ্ট্ৰ’ক চকুৰে কম দেখা, হাৰ্ট কিডনী ফেইল আদিকে ধৰি বিভিন্ন সমস্যাত ভুগিবলগীয়া হয়। গতিকে প্ৰতি ছমাহৰ মূৰে মূৰে উচ্চ ৰক্তচাপ পৰীক্ষা কৰি থাকিব লাগে আৰু আমি আমাৰ জীৱনশৈলীৰ কিছু পৰিবৰ্তন যেনে,শাৰীৰিক পৰিশ্ৰম, অতিৰিক্ত ওজন নিয়ন্ত্ৰণ মদ্যপান, ধূমপান আৰু লগতে অতিৰিক্ত চৰ্বিজাতীয় খাদ্য আদিৰ পৰা বিৰত থাকিব পাৰিলে উচ্চ ৰক্তচাপ হোৱাৰ পৰা বাচি থাকিব পাৰিম”। উল্লেখযোগ্য যে সমাজৰ প্ৰতিগৰাকী ব্যক্তিক উচ্চ ৰক্তচাপৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালখনে বিভিন্ন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰি আহিছে। আজিৰ সংবাদমেলত উপস্থিত থাকে
জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ জয়ন্ত গগৈ, ডাঃ বিপ্লৱ পল আদি।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *