Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশন

জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশন

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচী ৰে উলুবাৰীস্থিত এছ বি দেওৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে পূৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব। ইউনিয়নৰ সভাপতি দেৱেশ্বৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ সভা খনৰ উদ্বোধন কৰিব সদৌ অসম সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে। আনহাতে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক মুনীন বায়ন, আৰু বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰী উপস্থিত থাকিব বুলি এক বিবৃতি যোগে ইউনিয়নৰ সভাপতি দেৱেশ্বৰ শৰ্মা, সম্পাদক টুটুমণি ফুকনে জনাইছে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *