Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / জুবিন গাৰ্গ মোৰ গুৰু,জুবিন গাৰ্গ আৰু মোৰ কোনো বিতৰ্ক নাই,”সীমান্ত শেখৰ।

জুবিন গাৰ্গ মোৰ গুৰু,জুবিন গাৰ্গ আৰু মোৰ কোনো বিতৰ্ক নাই,”সীমান্ত শেখৰ।

 

 

মিছিং জনগোষ্ঠীৰ এটি গীত,বিহুমঞ্চত ৰাজনৈতিক দলৰ গীত পৰিৱেশনৰ ওপৰিও জুবিন গাৰ্গক কটাক্ষ কৰি বিতৰ্কত সোমাই পৰা অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় কন্ঠশিল্পী সীমান্ত শেখৰে ইটোৰ পাছত সিটোকৈ বিতৰ্কত সাঙোৰ খাই পৰাৰ মাজতে বুধবাৰে নিশা কামৰূপ জিলাৰ অন্তৰ্গত বনমাজা ৰঙালী বিহু সন্মিলনীৰ মঞ্চত গীত পৰিৱেশনৰ মাজতে শিল্পীগৰাকীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। শিল্পী সীমান্ত বুধবাৰে বিহু মঞ্চৰ পৰাই কয় যে”মই ধেমালি কৰি ভাল পাওঁ‌,সেই ধেমালিয়েই কেতিয়াবা বেছি ছিৰিয়াছ হৈ পৰে”।অকল সেয়াই নহয় কিছুদিন পুৰ্বে আওঁ‌পকীয়াকৈ জুবিন গাৰ্গক কটাক্ষ কৰি ছ’ছিয়েল মিডিয়াত বহুত সমালোচনাৰ সন্মুখীন হোৱা শিল্পী সীমান্ত শেখৰে জুবিন প্ৰসংগতো কয় যে “জুবিন গাৰ্গ আৰু মোৰ মাজত ৰাইজে ভবাৰ দৰে কোনো বিতৰ্ক চলা নাই,ছ’ছিয়েল মিডিয়াত বহুত কথা ভুল ধৰণে প্ৰচাৰ হয়”।ইয়াৰোপৰি শিল্পীগৰাকীয়ে কয় যে জুবিন গাৰ্গেই তেওঁক গছপুলি ৰোপণ কৰিবলৈ শিকাইছে।জুবিন গাৰ্গে এসময়ত নিজে লিখি সুৰ কৰা গীত গাব দিছিল বুলিও সীমান্ত শেখৰে উল্লেখ কৰে।একপ্ৰকাৰ সহস্ৰাধিক দৰ্শকৰ সন্মুখত গীত পৰিৱেশনৰ মাজেৰেই সকলো বিতৰ্কৰ যেন বনমাজা বিহুতলীত অন্ত পেলাই দিলে শিল্পী সীমান্ত শেখৰে।তদুপৰি বিগত বৰ্ষত বনমাজা বিহু সমিতি আৰু শিল্পী নীল আকাশৰ মাজত এজন ভুৱা মেনেজাৰৰ বাবে এক বিতৰ্ক সৃষ্টি হৈছিল যাৰ বাবে কলংকত দাগ পৰিছিল বনমাজাৰ বিহুতলীৰ ওপৰত,সেই দাগো যেন বুধবাৰে মঞ্চৰ পৰাই মচি পেলালে শিল্পী সীমান্তই।বনমাজা বিহু সমিতিৰ আতিথ্য আৰু সহায়-সহযোগীতাক প্ৰশংসাৰে ওপচাই পেলালে শিল্পীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ …

Leave a Reply

Your email address will not be published. Required fields are marked *