Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / জ্যোতি ৰূপাৰ ৪১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতা

জ্যোতি ৰূপাৰ ৪১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতা

 

ষ্টাফৰিপোৰ্টাৰ, ১৩ ফেব্ৰুৱাৰী : জ্যোতি ৰূপাৰ ৪১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতা
খন ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত স্থানীয় জিলা পুথি ভঁৰালত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব। আনহাতে ২১ ফেব্ৰুৱাৰীত সন্ধিয়া ৬ বজাত বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। কাৰ্যসূচী অনুসৰি ১৭ ফেব্ৰুৱাৰীত “জাগ জাগ জাগিছা”, “যন্ত্ৰণাৰ দেশত স্থিতপ্ৰজ্ঞ”, “ঢেকী”, “আজি ভগৱান আহিব”, “এক বিশদ গাঁথা”, “নিশাৰ গদ্য,আৰু ভূমিকন্যা মঞ্চস্থ কৰা হ’ব। আনহাতে ১৮ ফেব্ৰুৱাৰীত “ষ্টাৰ্ট দা অপাৰেচন হেইছা”, “দেৱী কাব্য”, “বেলিয়ে কোৱা সাধু”, “শ্বহীদ প্ৰণামো তোমাক”, “অভিযাত্ৰী” , “স্ফুলিংগ এক প্ৰত্যাহ্বান”, “পুতলা” নাট মঞ্চস্থ কৰা হ’ব। এই নাট প্ৰতিযোগিতাত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা জ্যোতিৰূপাৰ সাধাৰণ সম্পাদক নৰেণ হাজৰিকাই কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *