Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ঝাৰকোণা ধুমকেতু ক্লাৱৰ ফুটবল খেলত ডিমাকুছি চেম্পিয়ন, গাটছা ৰাণাৰ্চ আপ

ঝাৰকোণা ধুমকেতু ক্লাৱৰ ফুটবল খেলত ডিমাকুছি চেম্পিয়ন, গাটছা ৰাণাৰ্চ আপ

*ঝাৰকোণা ধুমকেতু ক্লাৱৰ ফুটবল খেলত ডিমাকুছি চেম্পিয়ন, গাটছা ৰাণাৰ্চ আপ*

*বটাঁ প্ৰদান কৰে মন্ত্ৰী ভৱেশ কলিতা আৰু ইএম মহেশ্বৰ বসুমতাৰীয়ে*

প্ৰতিবেদক, ৰঙিয়া , ১৭ ছেপ্টেম্বৰঃ :
গোৰেশ্বৰ ৰামপুৰৰ -ঝাৰকোণা ধূমকেতু ক্লাবৰ উদ্যোগত ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বডোলেণ্ডৰ শ্বহীদ যতীন স্বৰ্গীয়াৰী, তিৰণ দৈমাৰী, কষ্ট দৈমাৰী আৰু অমৃত বসুমতাৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজিৰ ফাইনেল খেলত ডিমাকুছি এফ চিয়ে চেম্পিয়ন খিতাপ অৰ্জন কৰে।উত্তেজনাপূৰ্ণ চূড়ান্ত খেল খনত ডিমাকুছি এফ চিয়ে গাটছা, গোৰেশ্বৰক নুন্যতম গ’লত পৰাস্ত কৰি চতুৰ্থ বৰ্ষৰ চেম্পিয়ন ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিকূল বতৰৰ মাজতো কেইবা সহস্ৰাধিক খেল প্ৰেমী ৰাইজে এক উত্তেজনাময় আমোদজনক খেল উপভোগ কৰে। ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বটাঁ লাভ কৰে গাটছা দলৰ ৰমেন বড়ো আৰু শ্ৰেষ্ঠ গলৰক্ষক বটাঁ পাবলৈ সক্ষম হয় ডিমাকুছি এফ চিৰ গলৰক্ষক প্ৰাঞ্জল দৈমাৰীয়ে । ফাইনেল খেলখনৰ শুভ উদ্বোধন কৰে বিটিএডিৰ ইএম মহেশ্বৰ বসুমতাৰীয়ে ।ফাইনেল খেলখনৰ বটাঁ প্ৰদান অনুষ্ঠানত উপস্থিত খাকে ইএম বসুমতাৰীৰ উপৰি ৰাজ্য চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, গোৰেশ্বৰ পৌৰসভাৰ পৌৰপতি ধনঞ্জয় বসুমতাৰী, উপ-পৌৰপতি, বিপিএফৰ কেইবাজনো নেতাৰ লগতে বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ ।মন্ত্ৰী কলিতাই বিভিন্ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰাৰ উপৰি খেলপথাৰ খনৰ উন্নয়ন হকে আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে, তেওঁক লাইনত সহায় কৰে ,সতীশ ডেকা, নিপন বড়ো, ৰাজীৱ বসুমতাৰী আৰু নাথে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

বোকাখাতত ছাইমন-সন্তোষ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

বোকাখাতত ছাইমন-সন্তোষ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাঃ অভ্যৰ্থনা সমিতি গঠনঃ কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ৩১ …

Leave a Reply

Your email address will not be published. Required fields are marked *