Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ সেনাজোৱান

ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ সেনাজোৱান


 

ষ্টাফৰিপৰ্টাৰ, ২ জুন, ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হ’ল অসমৰ এজন সেনাজোৱান। নিহত জোৱানজনৰ নাম নিৰজ ছেত্ৰী৷ জোৱানজনৰ ঘৰ বিশ্বনাথ জিলাৰ গহপুৰৰ কাউৰীপথাৰত। ঝাৰখণ্ডৰ দুমকাত পুৱতি নিশা আৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত গহপুৰৰ নিৰজ ছেত্ৰী নামৰ এগৰাকী এছ এছ বি জোৱান নিহত হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। দেশমাতৃৰ হকে প্ৰাণ দিয়া এইগৰাকী বীৰ জোৱানৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু এই সংঘৰ্ষত আহত হোৱা আন চাৰিগৰাকী জোৱানৰ আশু আৰোগ্য কামনা কৰিছে সভাপতি বৰাই।

About Staff Reporter

চাব পাৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত

        ষ্টাফৰিপৰ্টাৰ,৩০ জুন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ত জল সংৰক্ষণত গুৰুত্ব …

Leave a Reply

Your email address will not be published. Required fields are marked *