Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ//

টিংখাং – ১১ জুলাই ।

দীৰ্ঘদিনে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজক বঞ্চনা কৰি অহাৰ অভিযোগ তুলি টিংখাঙৰ শালমাৰী দীঘলীয়া অঞ্চলৰ শ-শ লোক একত্ৰিত হৈ বৃহস্পতিবাৰে ১নং শালমাৰী OCS ৰ সন্মুখত জাঙুৰ খাই উঠা পৰিলক্ষিত হয়। অঞ্চলটোত অইল ইণ্ডিয়া লিমিটেডে বিগত ৪০-৪৫ বছৰ ধৰি খাৰুৱা তেল আহৰণ তথা উৎপাদন কৰি আহিছে যদিও অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত ক্ষেত্রত তিলমানো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ তুলি অইল ক্ষতিগ্ৰস্ত উদালবাম, দীঘলীয়া আৰু শালমাৰী গাঁৱৰ ৰাইজে বিভিন্ন দাবীৰে কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিছে। ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যা দূৰকৰণৰ বাবে অইল ইণ্ডিয়া লিমিটেডক আবেদন জনোৱাৰ কোনো সুদূত্তৰ নোপোৱাত অইল কতৃপক্ষৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে যোৱা ৬ জুনত উদালবাম প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ প্ৰাঙ্গণত আটাইকেইটা অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজে ঐক্যৱদ্ধ হৈ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।উক্ত সভাৰ সিদ্ধান্ত অনুসৰিয়ে যথোচিত ব্যৱস্হা কৰিবলৈ দাবী জনাই যোৱা ৫ জুনত ১৫ দিনৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অইলক পুনৰ পত্ৰ প্ৰদান কৰিছিল। কিন্তু এই দাবীৰ পিছতো ৰাইজে কোনো সুফল নোপোৱাত ২১ জুনৰ পৰা ক্ষতিগ্ৰস্থ ৰাইজে অনিৰ্দিষ্ট কাললৈ শালমাৰী অইল বন্ধ কাৰ্যসূচী হাতত লৈছিল। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে যোৱা ২৮ জুনত ডিব্ৰুগড় জিলা প্ৰশাসন, অইল ইণ্ডিয়া লিমিটেড আৰু শালমাৰী দীঘলীয়া অঞ্চলৰ ৰাইজৰ মাজত ত্ৰিপাক্ষিক সভা অনুষ্ঠিত হয়। উক্ত সভাতে ৰাইজে ক্ষতিগ্ৰস্থ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতী সকলকৰ ঠিকাভিত্তিত শ্ৰমিক হিচাপে নিয়োগ কৰা, বাট -পথৰ উন্নয়ন, প্ৰদূষণ নিয়ন্ত্রণ তথা ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহ-কাৰ্যালয় নিৰ্মাণ, ভ্ৰাম্যমান চিকিৎসালয় নিৰ্মাণ আদি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। সভাত ৰাইজৰ সকলো মতামত গ্ৰহণ কৰি ১০ জুলাইৰ ভিতৰত অতিৰিক্ত উপায়ুক্তক এই সন্দভর্ত জনোৱা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৃহস্পতিবাৰে ক্ষতিগ্ৰস্ত ৰাইজে পুনৰ শালমাৰী ১ নং OCS ৰ সন্মুখত সুদূূত্তৰ পোৱাৰ অপেক্ষাত অৱস্থান কৰাত টিংখাং থানাৰ আৰক্ষী আৰু টিংখাং ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্হিত হৈ অহা আগষ্ট মাহৰ ভিতৰত সিদ্ধান্তৰ বিষয়ে লিখিতভাৱে দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

দেৱজিৎ গগৈ/টিংখাং

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *