Wednesday , June 19 2019
Home / আঞ্চলিক / টিহুত প্ৰফুল্ল কুমাৰ মহন্ত: কেবৰ বাবে পৰাস্ত হোৱা নাই কোনো দল

টিহুত প্ৰফুল্ল কুমাৰ মহন্ত: কেবৰ বাবে পৰাস্ত হোৱা নাই কোনো দল

অ গ পক শীৰ্ষ নেতৃত্বই আত্মবিশ্বাসেৰে শক্তিশালী কৰিব লাগিব ……প্ৰফুল্ল কুমাৰ মহন্ত #

: “অসমৰ আৰ্থ সামাজিক উন্নয়ন সবল কৰিবলৈ হ’লে আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিবই লাগিব।” প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি সন্ধিয়া টিহু ৰাজহুৱা পুথিভঁৰালত সাংবাদিকৰ আগত এইদৰে কয়। অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত জন্ম লাভ কৰা ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকৰ মৰমৰ অন্যতম আঞ্চলিক দল অসম গণ পৰিষদ দলক শীৰ্ষ নেতৃত্বই গভীৰ আত্মবিশ্বাসেৰে সাংগঠনিকভাৱে শক্তিশালী হিচাপে গঢ়ি তুলিবলৈ মুকলি আহ্বান জনায় । এই ক্ষেত্ৰত অসমবাসীকো আন্তৰিকতাৰে সহায়–সহযোগ কৰিবলৈও দোহাৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ প্ৰাকৃতিক সম্পদক উপযুক্তভাৱে ব্যৱহাৰ কৰি নিবনুৱা সমস্যা সমাধানকে ধৰি অসমখনক আগবঢ়াই নিবলৈ নবগঠিত কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়। তেওঁ জন্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ বৰণ কৰা নিৰোদ শৰ্মালৈ শ্ৰদ্ধা নিৱেদন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই আজি যোৱা ৬ জুনত মৃত্যু হোৱা অগপৰ জ্যেষ্ঠ নেতা নৰেন দাসৰ টিহুৰ বাসভৱনত উপস্থিত হৈ পৰিয়ালৰ সদস্যবৰ্গক সমবেদনা জ্ঞাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই আন্তৰ্জাতিকখ্যাতি সম্পন্ন শিল্পী মহেন্দ্ৰ বৰুৱাৰ বাসগৃহতো উপস্থিত হৈ শিল্পীগৰাকীৰ খা–খবৰ লোৱাৰ লগতে শিল্পীগৰাকীৰ ভাস্কৰ্য শিল্পবোৰো দৰ্শন কৰে । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত টিহু ৰাজহুৱা পুথিভঁৰালত উপস্থিত হোৱাত টিহু ৰাজহুৱা পুথিভঁৰাল সমিতিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সাদৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

বাইট : প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী, অসম

টিহুৰ পৰা কৰবী গোস্বামী

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *