Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী৷ ১৩ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী

টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী৷ ১৩ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী

টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী৷
১৩ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১০ ছেপ্টেম্বৰ:সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহবানত সকলো ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰণ আৰু বেতন সুৰক্ষাৰ দাবীত শোণিতপুৰ জিলাৰ চাৰিটা শিক্ষাখণ্ড ক্ৰমে নদুৱাৰ,গাভৰু,ঢেকীয়াজুলি আৰু বালিপাৰা শিক্ষাখণ্ডৰ কাৰ্য্যালয়ত অহা ১৩ ছেপ্টেম্বৰত পুৱা ১০.৩০ বজাৰপৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী লোৱা হৈছে বুলি জানিব দিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ শোণিতপুৰ জিলা সমিতিৰ সভাপতি অনন্ত বড়ো আৰু সম্পাদক দীপাংকৰ হাজৰিকাই৷জানিব পৰামতে ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ এই অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীৰ প্ৰতি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী,সদৌ অসম দজলীয়া শিক্ষক সন্থাইও সমৰ্থন আগবঢ়াইছে৷উল্লেখ্য যে শোণিতপুৰ জিলাৰ নদুৱাৰ6 শিক্ষাখণ্ডত ৪০৪ গৰাকী, গাভৰু শিক্ষাখণ্ডত ৩৫২ গৰাকী,বালিপাৰা শিক্ষাখণ্ডত ৫৬৪ গৰাকী আৰু ঢেকীয়াজুলি শিক্ষাখণ্ডত ৬২৮ গৰাকীকে ধৰি মুঠ ১৯৪৮ গৰাকী টেট শিক্ষকে শিক্ষাদান কৰি আছে৷
জোন বৰা ,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *