Monday , November 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি
http://m.facebook.com/story.php?story_fbid=468250057238834&id=201174217279754

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

 

ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি ছলিউচন প্ৰতিষ্ঠান ট্ৰেক এণ্ড টেলে অসমত ব্যৱসায়ৰ বৃদ্ধিৰ উদ্দেশ্যে শেহতীয়া উদ্ভাৱন “ইণ্টেলিপ্লে এক্সট্ৰিম” অনুষ্ঠানিক ভাৱে মুকলি কৰে। সোমবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই স্মাৰ্ট ইনফ’টেইনমেণ্ট সঁজুলি বিধ মুকলি কৰা হয়। মুকলি অনুষ্ঠানত উপস্থিত থাকি ট্ৰেক এণ্ড টেলৰ সহযোগী প্ৰতিষ্ঠাপক তথা চি অ’ অ’ ঋতু গুপ্তাই কয়-“ট্ৰেক এণ্ড টেলত আমি আমাৰ গ্ৰাহক সকলক প্ৰিমিয়াৰ টেলিমেটিক্স সমাধান আগবঢ়াব বিচাৰো যিয়ে তেওঁলোকৰ বাহনখনৰ গতি বিধি আৰু প্ৰদৰ্শনৰ মানৰ ক্ষেত্ৰত অভিজ্ঞতা প্ৰদান কৰে। “ইণ্টেলিপ্লে এক্সট্ৰিম” সম্পূৰ্ণ থলুৱা ভাৱে নিৰ্মাণ কৰি উলিওৱা গাড়ীৰ লগত সংযুক্ত জি পি এছ সঁজুলি।
আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা ২০২০ বিত্তীয় বৰ্ষলৈকে ১ কোটি টকাৰ ৰাজহ লাভ কৰিম বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ”। সংবাদমেল যোগে ট্ৰেক এণ্ড টেলৰ প্ৰতিষ্ঠাপক তথা চি ই অ’ প্ৰাঞ্চু গুপ্তাই কয়”-আমাৰ এই নতুন ইনফ’টেইনমেন্ট ছিষ্টেমত আছে ৪ জি ছিম যিয়ে সকলো সময়তে গাড়ী এখনৰ গতি বিধিৰ সৈতে সংযুক্ত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি যিকোনো মুহূৰ্ততে সংকেত প্রদান কৰিব পৰাকৈ ইয়াত আছে টু-ৱে ভয়চ কলিং বৈশিষ্ট্য।” ট্ৰেক এণ্ড টেলৰ উত্তৰ পূৰ্বাঞ্চলৰ বিতৰণ সহযোগী ৰঞ্জন জৈনে কয়”-আমাৰ নতুন সঁজুলি বিধে অসম তথা উত্তৰ পূৰ্বাঞ্চলত সফলতা লাভ কৰিব পাৰিব বুলি আমি আশাবাদী”। উল্লেখযোগ্য যে, গাড়ীৰ সুৰক্ষা আৰু মনোৰঞ্জনৰ বাবে ট্ৰেক টেলৰ বিভিন্ন শ্ৰেণী আছে। তাৰ ভিতৰত ইণ্টেলি ৭ ইণ্টেলি ৭+ ট্ৰেকপট আৰু বহুতো। গুৰগাঁৱও থকা প্ৰতিষ্ঠানটো ২০০৭ চনৰ মে’ মাহত স্থাপন কৰা হৈছিল।

About Staff Reporter

চাব পাৰে

ক্ৰিছেল ফাউণ্ডেচনলৈ ৰাষ্ট্ৰীয় চি এছ আৰ বঁটা

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৩১ অক্টোবৰ।।।ক্ৰিছেল ফাউণ্ডেচনক ইয়াৰ প্ৰমুখ প্ৰকল্প মেইন প্ৰগতি অসমৰ বাবে প্ৰত্যাহ্বান জনক পৰিস্থিতিত …

Leave a Reply

Your email address will not be published. Required fields are marked *