ষ্টাফৰিপৰ্টাৰ, ৩ ডিচেম্বৰ : কটন বিশ্ববিদ্যালয়ৰ ছজন ছাত্ৰই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পানবজাৰ থানাত গোচৰ ৰুজু কৰিলে। চলিত শীতকালীন অধিৱেশনত বিধানসভাৰ মজিয়াত ‘জয় বাংলাদেশ’ ধ্বনি দিছিল ডঃ শৰ্মাই। তেওঁৰ এই বিতৰ্কিত মন্তব্যই অসমত জাতিগত আৰু ভাষিক বিভাজনৰ সৃষ্টি কৰি সম্প্ৰীতিৰ পৰিৱেশ নষ্ট কৰিব বুলি কোৱা হৈছে এজাহাৰত। ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি মন্ত্ৰীজনক তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰাৰ আহ্বান ছাত্ৰকেইজনৰ।