Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডাঃ প্ৰণয় ফুকনৰ "নিৰ্বাচিত কবিতা " শীৰ্ষক কবিতা পুথি উন্মোচন।।।

ডাঃ প্ৰণয় ফুকনৰ "নিৰ্বাচিত কবিতা " শীৰ্ষক কবিতা পুথি উন্মোচন।।।

ডাঃ প্ৰণয় ফুকনৰ “নিৰ্বাচিত কবিতা ” শীৰ্ষক কবিতা পুথি উন্মোচন।।।

গুৱাহাটীৰ প্ৰতিবেদক,10 জুন।।। ডিব্ৰুগড়ৰ নাট্যগোষ্টী আখৰা ঘৰৰ উদ্যোগত আৰু সৃজম প্ৰিয়মৰ সহযোগত শনিবাৰে গুৱাহাটীৰ নেডফি হাউচত কবিতা আৰু সংগীতৰ সমাহাৰ কাব্য শিল্প শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে ডাঃ প্ৰণয় ফুকনৰ নিৰ্বাচিত কবিতা শীৰ্ষক কবিতা পুথি উন্মোচন কৰে বিশিষ্ট কবি সমীৰ তাঁতীয়ে। অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰে বক্তব্য আগবঢ়াই। আমাৰ অসম কাকতৰ দেওবৰীয়া পূৰ্বাচলৰ সম্পাদক ৰবীন ভূঞা ই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই প্ৰণয় ফুকনৰ এটি কবিতা পাঠ কৰে। অনুষ্ঠানত কবিতা আবৃত্তি কৰে আবৃত্তিকাৰ অসীম শৰ্মা, শিল্পী চৈয়দ চাদুল্লা, কবি ডাঃ প্ৰণয় ফুকন আৰু জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা ই। অনুষ্ঠানৰ আৰম্ভনিতে বিশিষ্ট শিল্পী নৰেন বৰুৱাৰ পৰিচালনাত কৃষ্ণ বন্দনাত সত্ৰীয়া নৃত্য পৰিবেশন কৰে শিল্পী পূৰ্বশা ভাৰদ্বাছ আৰু ভাস্বতী কলিতাই। অনুষ্ঠানত আধুনিক নৃত্য পৰিবেশন কৰে শিল্পী স্বস্তিকা প্ৰিয়ম ভূঞা, জীয়া শৰ্মা, এ ৰাজবংশী আৰু গুণ গুণে। অনুষ্ঠানত সন্মানীয় অতিথিৰূপে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি উইস্থিত থাকি বক্তব্য আগবঢ়ায়।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *