Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান” উন্মোচন

ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান” উন্মোচন

 

ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : “চিকিৎসক সকলে সদায় ৰোগীক চোৱা চিতা কৰাতে সদায় ব্যস্ত থাকে। যাৰ বাবে তেওঁলোকে নিজৰ কথা, পৰিয়ালৰ কথা চিন্তা কৰিব সময় নাপায়। তেনে ক্ষেত্ৰত এগৰাকী চিকিৎসকে এখন ৰোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি উলিয়াই এক সুন্দৰ কামৰ নিদৰ্শন দাঙি ধৰিছে—এইদৰে কয় বিশিষ্ট চিকিৎসক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, ফেকাল্টি অৱ মেডিচিন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ এন এন বৰ্মনে। দেওবাৰে অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত
ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান শীৰ্ষক” উন্মোচন কৰি তেওঁ লগতে কয় “এগৰাকী ব্যস্ত চিকিৎসক হৈও এনেদৰে সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা বাবে ডাঃ ৰূপ শেখৰ ডেকাক ধন্যবাদ জনালোঁ। তেওঁক পূৰ্বে মই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে পাইছিলোঁ। তেওঁ সৰু যদিও এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি আমাক উপহাৰ হিচাপে আগবঢ়ালে। গ্ৰন্থ খনত সচৰাচৰ মানৱ দেহত হৈ থকা ৰোগৰ কথা উল্লেখ আছে। যিবোৰ সম্পৰ্কে আমি সজাগ নহলে আৰু অৱজ্ঞা কৰিলে ইয়াৰ পৰা পিছলৈ আন বেলেগ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।'”বিশিষ্ট চিকিৎসক গৰাকীয়ে লগতে গ্রন্থ খনত উল্লেখ কৰা ৰোগ সমূহৰ বিষয়ে বহলাই কয়।
উন্মোচনী সভাত “আমাৰ অসম”ৰ সহযোগী সম্পাদক মন্টু শইকীয়াই কয় ” ভগৱানে পৃথিৱী সৃষ্টি কৰিলে। সেই পৃথিৱীত তেওঁ নাৰী জাতিৰ সৃষ্টি কৰি পূৰ্ণতা আনিলে। নিজৰ পিতৃ-মাতৃৰ পাছত আমি চিকিৎসক সকলক ভগবান হিচাপে জ্ঞান কৰোঁ। লেখকক ধন্যবাদ জনালোঁ আৰু ভৱিষ্যতে তেওঁৰ পৰা এনেধৰণৰ গ্ৰন্থ লাভ কৰিম বুলি আশা কৰিলোঁ।” সভাত জেষ্ঠ্য সাংবাদিক নিতুমণি শইকীয়াই কয় ” ডাঃ ৰূপ শেখৰ ডেকাক এগৰাকী চিকিৎসক হিচাপে নহয় এগৰাকী সংগীত শিল্পী হিচাপে লগ পাইছিলোঁ। যি সকল ব্যক্তিয়ে নিজৰ বৃত্তিৰ লগতে আন বহু দিশতো প্ৰতিভাৰ পৰিচয় দাঙি ধৰে তেওঁলোকৰ প্ৰতি যথেষ্ট আন্তৰিকতা আছে। আজিৰ পৃথিৱীত ৰোগ যেনেদৰে বৃদ্ধি পাইছে ঠিক তেনেদৰে মানুহৰ মাজত সজাগতা বৃদ্ধি পোৱা নাই। লেখকে ১৫ টা সুন্দৰ অধ্যায় এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা বাবে ধন্যবাদ জনালোঁ।”
গ্ৰন্থ উন্মোচনী সভাত আৰক্ষী উপ মহাপৰিদৰ্শক নিতুল গগৈ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিজু চৌধুৰীয়ে শুভেচ্ছা মুকল ব্যক্তব্য আগবঢ়ায়। সভাত শিল্পী বিৰিণা পাঠক চক্ৰৱৰ্তীয়ে স্তুতি পৰিবেশন কৰে। জেষ্ঠ্য সাংবাদিক মৰম কুমাৰে সভাখন আঁত ধৰা সভাখনত লেখকে গ্ৰন্থ খনৰ আঁৰৰ কথা কয়।” উন্মোচনী সভা খনত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *