Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ উদীয়মান ভ্ৰাম্যমান তৃতীয় সংস্কৰণ জুলাই মাহত

ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ উদীয়মান ভ্ৰাম্যমান তৃতীয় সংস্কৰণ জুলাই মাহত

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৫ জুলাই।।। ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে ভ্ৰাম্যমান থিয়েটাৰ পুৰস্কাৰৰ তৃতীয় সংস্কৃৰণ সংগঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানটি ১৯ জুলাইত প্ৰাগজ্যোতি আই টি এ চেণ্টাত অনুষ্ঠিত হ’ব। এই পুৰস্কাৰৰ অনুষ্ঠানটিৰ মূল লক্ষ্য হৈছে ভ্ৰাম্যমান থিয়েটাৰ শিল্পৰ সৈতে জড়িত ব্যক্তিৰ কামৰ প্ৰশংসা কৰা। এই সন্দৰ্ভত ডালমিয়া চিমেণ্ট(ভাৰত)ৰ এক্সিকিউটিভ ডাইৰেক্টৰ সুনীল আগৰৱালাই কয়”- আমি আনন্দিত আপোনালোকক জনাবলৈ পাই যে,আমি আমাৰ বাৰ্ষিক ভ্ৰাম্যমান থিয়েটাৰৰ পুৰস্কাৰ তৃতীয় সংস্কৃৰণ উদীয়মান ভ্ৰাম্যমান জুলাই আৰম্ভ কৰিম। যোৱা দুটা সংস্কৃৰণ উদীয়মান ভ্ৰাম্যমানৰ শিল্পকলা কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ বছৰ উদযাপন কৰি থিয়েটাৰ শিল্পক এক প্লাটফৰ্মৰ অধীনত একত্ৰিত কৰাত সহায় কৰিছে। এই পুৰস্কাৰৰ জৰিয়তে থিয়েটাৰ শিল্প আৰু তেওঁলোকৰ অৱদান স্বীকাৰ কৰা হ’ব।” উল্লেখযোগ্য উদীয়মান ভ্ৰাম্যমান তৃতীয় সংস্কৃৰণে লৈ আহিছে ২৬ টি বিভাগৰ পুৰস্কাৰ। এই বছৰৰ বিভাগ সমূহ হ’ল- শ্রেষ্ঠ শিল্প পৰিচালক, শ্রেষ্ঠ চাউণ্ড ডিজাইনাৰ, শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ, শ্ৰেষ্ঠ লাইট ডিজাইনাৰ, শ্ৰেষ্ঠ গীতিকাৰ, শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড মিউজিক, শ্ৰেষ্ঠ গীত, শ্ৰেষ্ঠ প্লেবেক সীংগাৰ- পুৰুষ শ্ৰেষ্ঠ প্লেবেক সীংগাৰ- মহিলা; শ্ৰেষ্ঠ কৌতুক অভিনেতা, লাইফ ষ্টাইল এচিভমেণ্ট এৱাৰ্ড, শ্ৰেষ্ঠ একচন ডাইৰেক্টৰ, শ্ৰেষ্ঠ নেতিবাচক ভূমিকা, শ্ৰেষ্ঠ স্কিপ্ট ৰাইটাৰ, শ্রেষ্ঠ ডিবাত- পুৰুষ, শ্ৰেষ্ঠ ডিবাট- মহিলা, শ্ৰেষ্ঠ সহ: অভিনেতা, শ্ৰেষ্ঠ সহ: অভিনেত্ৰী, শ্ৰেষ্ঠ জনপ্ৰিয় থিয়েটাৰ, শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা, শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী, শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ থিয়েটাৰ দল, শ্ৰেষ্ঠ অভিনেতা, আৰু শ্ৰেষ্ঠ অভিনেত্ৰী।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *