Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত কাবাদী ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা

ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত কাবাদী ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা

*ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত কাবাদী ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা*

প্ৰতিবেদক, ৰঙিয়া , ১৮ ছেপ্টেম্বৰ :
সদৌ অসম কাবাদী সন্থাৰ দ্বাৰা পৰিচালিত তৃতীয় শ্ৰেণীৰ কাবাদী ৰেফাৰী পৰীক্ষা তিনিচুকীয়াত ২০১৮ বৰ্ষ আৰু ডিব্ৰুগড় জিলাত ২০১৯ বৰ্ষত অনুষ্ঠিত হয়। অসম কাবাদী সন্থাৰ ৰেফাৰী বৰ্ডৰ আহ্বায়ক বীৰেন কলিতাই জানিবলৈ দিয়ে যে, ডিব্ৰুগড়ত অনুষ্ঠিত তৃতীয় শ্ৰেণীৰ কাবাদী ৰেফাৰী পৰীক্ষাত ২৬ গৰাকী আৰু তিনিচুকীয়াত অনুষ্ঠিত পৰীক্ষাত ৫ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। তিনিচুকীয়াত অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হয় ক্ৰমে, প্ৰাঞ্জল হাজৰিকা, নিতু গগৈ, হবিবুল ৰহমান, ৰাহুল পাৰ্মে আৰু মহিবুল ইছলামে আনহাতে ডিব্ৰুগড়ত অনুষ্ঠিত তৃতীয় শ্ৰেণীৰ কাবাদী ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হয় ক্ৰমে, সংগীতা হায়নাৰী, হিমাক্ষু ৰাজকোঁৱৰ, ভাস্কৰ দাস, হিমাংশু লাহন, ৰাজু বাচ্ফৰ, ভাস্কৰজ্যোতি হাজৰিকা, সঞ্চিতা দোঁৱৰা, প্ৰনাব গাৰে, চিন্ময় সোনোৱাল, মিথিংগা ব্ৰহ্ম, চৰিফুল ইছলাম, লোহিত দাস, গুনীন গগৈ, ডেইজী ফুকন, মৌচুমী চেতিয়া, দিব্যজ্যোতি সোনোৱাল, মাধুৰ্য শইকীয়া, ৰকিবুল ইছলাম, জিয়ানুল হক, শৈলেন দত্ত, জয়দীপ সোনোৱাল, জ্যোতিপ্ৰসাদ ৰাইদিঙিয়া, বুলু মোহন, ৰতন সোনোৱাল, ত্ৰিদিপ ধুকন আৰু দেৱযানী নেওঁগ। আনপিনে অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক আবেদুৰ ৰহমানে জানিবলৈ দিয়ে যে, যিসকল ৰেফাৰী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হল, তেওঁলোকে ব্যৱহাৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে পূৰ্ণাংগ ৰেফাৰী হব পাৰিব।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *