Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড় বিমানকোঠ আন্তগাঁথনিৰ বাবে কেইবাশ কোটি টকাৰ পৰিকল্পনা গ্রহণ

ডিব্ৰুগড় বিমানকোঠ আন্তগাঁথনিৰ বাবে কেইবাশ কোটি টকাৰ পৰিকল্পনা গ্রহণ

 

লাহোৱাল : : লাহোৱাল অসমৰ দ্বীতিয় প্ৰধান বিমান বন্দৰ ৰুপে পৰিগণিত মোহনবাৰীস্থিত ডিব্ৰুগড় বিমানবন্দৰ । ধলা – শদিয়া আৰু বগীবিল দলং মুকলি হোৱাৰ পিছৰেপৰা ডিব্ৰুগড় বিমান কোঠৰ প্ৰাধান্য পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সেয়ে ইয়াৰ আন্তগাঁথনি আৰু অধিক উন্নত কৰিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষই নতুন নতুন পৰিকল্পনা গ্ৰহণ কৰা জানিব পৰা গৈছে ৷ বিভাগীয় সূত্ৰে পোৱা খবৰ মতে বিমান ঘাটীৰ ৰাণওৱে সম্প্ৰসাৰণ, অধিক শক্তি আহৰণৰ লক্ষ্যৰে সৌৰশক্তি প্ৰকল্প স্থাপন, নিৰ্মীয়মান ৩৫ কোটিৰ বিমান ৰখা হাংগাৰ । একেদৰে ৩৫ কোটি টকাৰ নতুনকৈ এয়াৰ ট্ৰেফিক কণ্ট্ৰল টাৱাৰ , ৰাণ্ওৱেৰ কাষত ৪০ কোটিৰ সু -বন্দবস্ত নলা নিৰ্মাণ , আঠাবাৰী চাহ বাগিচা দিশে ৰাণওৱেৰ সীমাত থকা দেৱালৰ কাষে কাষে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী ৰাস্তা নিৰ্মাণ ইত্যাদি । বৰ্তমান যাতায়ত কৰা মোহনবাৰী এয়াৰ ফৰ্চ পথটো কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগে বিমান বন্দৰ কৰ্তৃপক্ষক শীঘ্ৰে গতাই নিদিয়াৰ হেতুকে সম্প্ৰসাৰণৰ কাম বহু দিন স্থগিত ৰাখিব লগা হৈছিল আৰু সেই অচলাৱস্থা বৰ্তমান দূৰ হোৱাত সম্প্ৰতি তীব্র গতিত ৰাণওৱেৰ সম্প্ৰসাৰণ আৰু ৪ কোটি ১১ লাখ টকা ব্যয় সাপেক্ষে এয়াৰ ফৰ্চ পথৰ বিকল্প ৰাস্তা নিৰ্মাণৰ কাম চলি থকা পৰিলক্ষিত হৈছে । আনহাতে, অহা এপ্ৰিল মাহৰ ৩ তাৰিখে VISTARA AIRlines নামেৰে এখন নতুন পৰিবহন সেৱা ডিব্ৰুগড় বিমান ঘাটিত সংযোজন হব বুলি জানিব পৰা গৈছে । এই বিমান সেৱা ডিব্ৰুগড় – বাগদগ্ৰা হৈ দিল্লীৰ মাজত উপলব্ধ হব।

About Staff Reporter

চাব পাৰে

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *