Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন ইউ কাণ্ডৰ বিৰোধিতা

চাবুৱাঃ ১৭ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত লোৱা অসাংবিধানিক,সাম্প্ৰদায়িক আৰু অসম চুক্তিক উলংঘা কৰা প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমীয়া ভাষা, সংস্কৃতি আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ সম্পূৰ্ণ বিৰোধীতা কৰাৰ লগতে অবিলম্বে ‘কা’ বিধেয়ক খন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে লগতে বৰ্তমানে চলি থকা শান্তিপূৰ্ণ, শৃংখলিত গণ আন্দোলনৰ প্ৰতি সক্ৰিয় ৰূপত অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুষ্ঠানটিৰ পক্ষৰ পৰা সভাপতি ডাক্তৰ আহমেদ উল্লা খান আৰু সম্পাদক ছেহিৰ আহমেদে ৰাইজলৈ আহ্বান জনাইছে । লগতে ৰাজ্যখনত এখন সুকীয়া ‘ইছলামিক সাহিত্য সভা’ নামৰ এক অনুষ্ঠান খোলা বাতৰিয়ে সমগ্ৰ অসমৰ বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেয়েহে ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টেডিজে এইবোৰ জাতিটোৰ বাবে অশনি সংকেত আনিছে বুলি অনুভৱ ব্যক্ত কৰে । অৱশ্যে ইতিমধ্যে ইছলামিক সাহিত্য সভাই আহ্বান কৰা সম্ভাব্য অধিবেশন বাতিল কৰা হৈছে বুলি জনা গৈছে ।আনহাতেদি অলপতে দিল্লীৰ জে এন ইউ বিশ্ববিদ্যালয়ৰ চৌহদত দুস্কৃতিকাৰীয়ে অনুপ্ৰৱেশ কৰি ছাত্র ছাত্ৰীৰ ওপৰত যি দমনমূলক অত্যাচাৰ কৰে তাৰ বিৰুদ্ধে দেশ জুৰি প্ৰতিবাদ কৰাই নহয় বেনাৰছ হিন্দু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া বিশ্ববিদ্যালয়, আলিগড় মুছলিম বিশ্ব বিদ্যালয়, কটন ,গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়তো প্ৰতিবাদ সাবস্ত্য হৈছে । এই সকলো ধৰণৰ অসংবিধানিক কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰিছে ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টেডিজে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *