Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডুবাইত অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ৱৰ্ল্ডত উজলিল বিশ্বনাথৰ চোহানী বেহুৰাই

ডুবাইত অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ৱৰ্ল্ডত উজলিল বিশ্বনাথৰ চোহানী বেহুৰাই

ডুবাইত অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ৱৰ্ল্ডত উজলিল বিশ্বনাথৰ চোহানী বেহুৰাই
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি,৭নৱেম্বৰ: – যোৱা ১৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈকে ডুবাইত অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ৱৰ্ল্ডত ভাৰতবৰ্ষৰ হৈ অংশগ্ৰহণ কৰে অসমৰ চোহানী বেহুৰাই ৷ এই প্ৰতিযোগিতাত চুহানীয়ে Best introduction prince & princess category and
Best talent prince & princess category.ত বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয়৷ উত্তৰ অসমৰ অগ্ৰণী ফেচন মডেলিং ৰ সংস্থা বৰ-অসম ক্ৰিয়েচনৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ থকা চোহানী
বেহুৰাই পৰিধান কৰা অসমীয়াৰ পাটৰ সাজযোৰ আৰু গামোচা-জাপিৰে নিৰ্মাণ কৰা উংঙটো পৰিকল্পনা কৰে বৰ-অসম ক্ৰিয়েচনৰ সঞ্চালিকা ৰশ্মি বৰুৱাই ৷
ইয়াৰ পূৰ্বে চুহানীয়ে কেৰেলাৰ কেলিকাটত অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Extreme Talent Princess ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷
বাবুল বেহুৰা আৰু গৌৰী বেহুৰাৰ দ্বিতীয় কন্যা চোহানী বেহুৰা৷ ৯ বছৰীয়া চোহানী বেহুৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। চোহানী বেহুৰাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে বৰ অসম ক্ৰিয়েচনৰ সঞ্চালিকা ৰশ্মি বৰুৱাৰ লগতে পিতৃ- মাতৃ আৰু অঞ্চলবাসীয়ে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *