Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ডেৰশ বছৰ পুৰণি বৃটিছৰ আমোলত নিৰ্মিত জামুগুৰিহাটৰ পাতলৰচুকৰ এটি বাসগৃহ

ডেৰশ বছৰ পুৰণি বৃটিছৰ আমোলত নিৰ্মিত জামুগুৰিহাটৰ পাতলৰচুকৰ এটি বাসগৃহ

বৃটিছৰ আমোলত নিৰ্মিত জামুগুৰিহাটৰ পাতলৰচুকৰ এটি বাসগৃহ৷
ডেৰশ বছৰ পুৰণি বাসগৃহটোৰ লগত জড়িত বহু ইতিহাস৷
মেৰামতিৰ অভাৱত জহি খহি গৈছে বাসগৃহটি৷
বহু ইতিহাসৰ সাক্ষী গৃহটি সংৰক্ষণৰ দাবী ৰাইজৰ৷

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১১ অক্টোবৰ:বৃটিছৰ আমোলত নিৰ্মিত জামুগুৰিহাটৰ এটি বাসগৃহ৷যিটো বাসগৃহ ১৫০ বছৰ পুৰণি যদিও এতিয়াও একেই আছে বাসগৃহটো নিৰ্মাণ কৰোতেই ব্যৱহাৰ কৰা টিনপাত,কাঠ আৰু গৃহটোৰ বেৰসমুহত সেইসময়ত লগোৱা ইকৰা গছৰ থাৰি৷জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত ১৮৭০ চনতে বৃটিছৰ শাসনকালত নিৰ্মাণ কৰা এই বাসগৃহটোৰ লগত জড়িত হৈ বহু ইতিহাস৷ইংৰাজৰ শাসণকালতেই এজন বৃটিছ বিষয়াই সেইসময়ত সেই গাঁৱৰে বগীৰাম দাস নামৰ এজন ব্যক্তিক তেঁওৰ কামত সন্তুষ্ট হৈ নিজেই গৃহটোৰ নক্সা আঁকি বাসগৃহটো নিৰ্মাণ কৰি দিছিল।সেইসময়ত আভিজাত্যৰ চিন এই গৃহটি নক্সা অনুসৰিয়েই নিৰ্মাণৰ দায়িত্বত আছিল গাঁৱৰেই অসমীয়া থলুৱা মিস্ত্ৰী৷উল্লেখ্য যে বগীৰাম দাস আছিল বৃটিছৰ আমোলত সেইসময়ত চাকৰি কৰা শিলঘাট জাঁহাজ ঘাটৰ কেৰাণী।ইয়াৰোপৰি ১৫০শ বছৰ পুৰণি বাসগৃহটোৰ চাৱনি কৰিবলৈ টিনপাত সুদূৰ কলিকতাৰ পৰা বৃটিছ বিষয়া সকলে জাঁহাজত আনিছিল বুলিও জানিব পৰা গৈছে।বগীৰাম দাসৰ আজু নাতি তথা বৰ্তমানলৈকে গৃহটি সংৰক্ষণ কৰি ৰখা দয়াল বৰাৰ পৰা জানিব পৰা মতে সেই সময়ত চাৰিটা কোঠালিযুক্ত এই ঘৰটোলৈ বৃটিছ বিষয়াসকল প্ৰায়ে ঘোঁৰাত উঠি অহা যোৱা কৰিছিল আৰু তাতেই মেল মিটিং তথা বিভিন্ন পৰিকল্পনা কৰিছিল৷ইতিপূৰ্বে এই ঘৰটিতেই জোন জোনালী,বৃকোদৰ বৰুৱাৰ বিয়াকে ধৰি কেবাখনো তথ্য চিত্ৰ আৰু ছুটি ছবিৰ চিত্ৰ গ্ৰহণৰ কামো সম্পন্ন কৰা হৈছে যদিও বহু ইতিহাসৰ সাক্ষী এই গৃহতি সংৰক্ষণৰ অভাৱত বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে৷বগীৰাম দাসৰ আজু নাতি দয়াল বৰাই ঘৰটো আজিও নভঙাকৈ সংৰক্ষণ কৰি ৰাখিছে যদিও মেৰামতিৰ অভাৱতেই হয়তো আৰু কিছুবছৰ পিছত বৃটিছৰ আমোলত নিৰ্মিত এই গৃহটি নিঃশেষ হৈ পৰাৰ আশংকাই দেখা দিছে৷কিয়নো বাসগৃহটিত ব্যৱহাৰ সামগ্ৰীসমুহ বৰ্তমানো অক্ষত অৱস্থাত আছে যদিও বিগত সময়ত ভূমিকম্পৰ কেবাটাও জোকাৰণিয়ে বাসগৃহটিৰ এটা দিশ বহুৱাই দিয়াৰ লগতে বহু ইতিহাসৰ সাক্ষী গৃহটিলৈ অশনি সংকেট নমাই আনিছে৷বছৰ বছৰ ধৰি গৃহটি আতোনটোকাৰিকৈ সংৰক্ষণ কৰি ৰখা দয়াল বৰাৰ হাততো গৃহটি মেৰামতি কৰাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ৷যাৰবাবে গৃহটিৰ চাৰিবেৰ ক্ৰমাৎ জহি খহি যাবলৈ আৰম্ভ কৰাৰ লগতে এক ইতিহাস শেষ হৈ যাব পাৰে বুলিও চিন্তিত হৈ পৰিছে বৰ্তমান ঘৰটোৰ গৰাকী দয়াল বৰা৷বৃটিছৰ আমোলতেই ডেৰশ বছৰ পূৰ্ৱে নিৰ্মান কৰা গৃহটি বিজ্ঞানসন্মতভাৱে মেৰামতি কৰি গৃহটি সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উল্থাপন কৰিছে জামুগুৰিহাটৰ সচেতন ৰাইজে৷
জোন বৰা,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *