Sunday , February 23 2020
Home / আঞ্চলিক / তিৱা ৰজাৰ সৈতে ভোগালী উদযাপন সূৰ্য কংক্ৰিটেকৰ

তিৱা ৰজাৰ সৈতে ভোগালী উদযাপন সূৰ্য কংক্ৰিটেকৰ

 

ষ্টাফৰিপৰ্টাৰ,,,১৮জানুৱাৰী। উত্তৰ পূৱৰ চিমেন্ট উৎপাদনকাৰী প্ৰতিষ্ঠান সূৰ্য কংক্ৰিটেক চিমেণ্টে অলপতে মৰিগাঁও জিলাত তিৱা ৰজা আৰু তিৱা সমাজৰ ভালেসংখ্যক সদস্যৰ সৈতে ভোগালী বিহু পালন কৰে। মৰিগাঁও জিলাৰ ঔজাৰি গাওঁত অলপতে ধান চপোৱা মুকলি পথাৰৰ মাজত উলহ-মালহেৰে আয়োজন কৰা হয়’ ভোগালীৰ এসাঁজ নামেৰে অনুষ্ঠান। মেজি আৰু পৰম্পৰাগত ভেলাঘৰো নিৰ্মাণ কৰি উলিওৱা হয়। নিজ পৰিয়ালৰ লগত এই ভোগালীৰ এসাঁজ অনুষ্ঠানত উপস্থিত থাকে তিৱা ৰজা তুলসী চামচৰ । সূৰ্য কংক্ৰিটেক পৰিয়াল আৰু ঔজাৰি গাঁওবাসীয়ে পৰম্পৰাগত পদ্ধতিৰে অনুষ্ঠানটিলৈ আদৰি আনে। অনুষ্ঠানত কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ লগতে আন বহুতো কণ্ঠশিল্পী আৰু নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে। পথাৰৰ মাজতে পৰম্পৰাগতভাৱে জ্বলোৱা হয় ধ্বনি আৰু ইয়াতেই স্থানীয় তিৱা সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হ’য়। তিৱা ৰজাৰ লগতে উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মৰিগাঁও জিলাৰ সূৰ্য কংক্ৰিটেক ডীলাৰ আৰু বিতৰক সকলকো আমন্ত্ৰণ জনোৱা হয়। আৰু

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *