Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / তৰুণ চন্দ্ৰ ডেকা আৰু কেশৱ চন্দ্ৰ চৌধুৰী ফুটবলৰ সামৰণি

তৰুণ চন্দ্ৰ ডেকা আৰু কেশৱ চন্দ্ৰ চৌধুৰী ফুটবলৰ সামৰণি

*তৰুণ চন্দ্ৰ ডেকা আৰু কেশৱ চন্দ্ৰ চৌধুৰী ফুটবলৰ সামৰণি*

*কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ থিতাপ দখল*

প্ৰতিবেদক, ৰঙিয়া , ২৯ ছেপ্টেম্বৰ :
ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি সফলভাৱে সামৰণি পৰে।প্ৰতিযোগিতাৰ আজিৰ ফাইনেল খেলত বিগত বৰ্ষৰ ৰাণাৰ্ছ-আপ কৰৰা ইয়ুথ এথলেটিকছ ক্লাবে কেতেকীবাৰী জ্ঞানদা সংঘক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে প্ৰত্যাহ্বান জনায়। ।ইয়াৰ মাজতে কৰৰা ইয়ুথ এথলেটিকছ ক্লাবে কেতেকীবাৰী জ্ঞানদা সংঘক ৫—২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰে। বিজিতা দলৰ পল্লৱক শ্ৰেষ্ঠ গলৰক্ষক সন্মান লাভ কৰাৰ বিপৰীতে ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিজয়ী দলৰ খেলুৱৈ ডিপু মেচে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে।তেওঁক লাইনত সহায় কৰে সতীশ ডেকা আৰু বাহাৰুল ইছলামে।চতুৰ্থ ৰেফাৰীৰ আসনত থাকে অমৰেন্দ্ৰ শৰ্মাই। প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্রী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, দাতা সদস্যৰ উপৰি বহুকেইগৰাকী অতিথিয়ে । খেল কমিটিৰ সভাপতি কৰুণা কান্ত ডেকা, খেল সম্পাদক ভূষণ ডেকাৰ লগতে উদ্যোক্তা সকলে অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *