Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / থলুৱা কৃষক বজাৰৰে অসমৰ অৰ্থনীতিত নতুন দিগন্তৰ সূচনাৰ আৰম্ভণি

থলুৱা কৃষক বজাৰৰে অসমৰ অৰ্থনীতিত নতুন দিগন্তৰ সূচনাৰ আৰম্ভণি

: গোলাঘাট ২৫ মাৰ্চ : কৃষি প্ৰধান ৰাজ্য অসমত থলুৱা কৃষকক মাধমাৰ মাৰি মধ্যভোগীয়ে গ্ৰাহ কৰা বজাৰত এক নতুন দিগন্তৰ সূচনা কৰিছে গোলাঘাটৰ কেইজনমান উদ্যমী যুৱকে। উচিত মূল্যৰ পৰা সদায় বঞ্চিত হৈ অহা অসমীয়া কৃষকৰ কষ্টৰ ফচল বিক্ৰীৰ বাবে গোলাঘাটৰ এইকেইজন শিক্ষিত যুৱকে আৰম্ভ কৰিলে এখন থলুৱা কৃষকৰ বজাৰ। য’ত কোনো কৰ নিদিয়াকৈ কৃষকে বিক্ৰী কৰিব পাৰিব নিজা উৎপাদিত শাক-পাচলি, ফল-মূল,থলুৱা মাছ-মাংস আদি। উল্লেখ্য যে, এই বজাৰত বিক্ৰী কৰা শাক-পাচলি,ফল -মূলত নাথাকিব কোনো কীট নাশক ঔষধ বা ৰাসায়নিক সাৰ। বৰ্তমান সময়ত কীট নাশক ঔষধ বা ৰাসায়নিক সাৰ অত্যাধিক প্ৰয়োগ কৰা কৃষিজাত সামগ্ৰীৰ বজাৰত মানুহক একপ্ৰকাৰ পংগু কৰি অনা সময়ত বা থলুৱা কৃষকক উচিত মূল্য দিয়া আৰু নিবনুৱা যুৱকক উৎসাহ যোগাবৰ বাবে লোৱা এই প্ৰচেষ্টাক নেতৃত্ব দিছে গোলাঘাটৰ কেইজনমান শিক্ষিত যুৱক মানস চলিহা, শেখৰ ঠাকুৰ, অংকুৰ দত্ত, কৌস্তভ শইকীয়া,নিতুল শইকীয়া আৰু ৰাজন শইকীয়া আদি। তেওঁলোকৰ এই আন্তৰিক প্ৰচেষ্টাক গোলাঘাটৰ ৰাইজে আদৰি ল’ব বুলি আশাবাদী যুৱককেইজন।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *