Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / দিছ্পুৰ প্ৰেছ ক্লাৱত কৃষ্ণ হাজৰিকাৰ গ্ৰন্থ “জয়পুৰে ৰিঙিয়াই” উন্মোচন

দিছ্পুৰ প্ৰেছ ক্লাৱত কৃষ্ণ হাজৰিকাৰ গ্ৰন্থ “জয়পুৰে ৰিঙিয়াই” উন্মোচন

 

আহোম ৰাজত্ব কালৰ এইখন এখন হাতপুথি হিচাবে পৰিগণিত হ’ব- হেমন্ত কুমাৰ ভট্টাচাৰ্য

ষ্টাফৰিপোৰ্টাৰ, ১১ জানুৱাৰী :
“আজি কালি অসম বুৰঞ্জী নাই। লেখক কৃষ্ণ হাজৰিকাই আহোম ৰাজত্ব কালৰ ২৫০ বছৰীয়া ঐতিহ্য মণ্ডিত সম্পদ সমূহক গ্ৰন্থ খনৰ জৰিয়তে দাঙি ধৰিছে।
গ্ৰন্থ খনৰ নামটো বেলেগ ধৰণৰ। গ্ৰন্থ খনৰ নামটো এক ঐতিহাসিক শব্দ। বেটুপাত
সুন্দৰ হৈছে। এই গ্ৰন্থখনে পুৰণি ইতিহাসৰ কিছু কথা সোঁৱৰাই দিয়ে–এইদৰে কয় অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত শীৰ্ষ বিষয়া হেমন্ত কুমাৰ ভট্টাচাৰ্যই। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত বিশিষ্ট লেখক কৃষ্ণ হাজৰিকাৰ তথ্য সমৃদ্ধ গ্ৰন্থ “জয়পুৰে ৰিঙিয়াই” উন্মোচন কৰি তেওঁ লগতে কয়”এই গ্ৰন্থখনৰ জৰিয়তে পাঠকে পৰ্যটনৰ বিষয়ে বহু কথা জানিব পাৰিব। তাৰোপৰি আহোম যুগৰ বহুত কথা জানিব পৰিব। আহোম ৰাজত্ব কালৰ এইখন এখন হাতপুথি হিচাবে পৰিগণিত হ’ব। অসমীয়া ভাষাৰ সংকট আমি নিজে মাতি আনিছোঁ। আমি নিজকে শুদ্ধ কৰিব লাগিব। অসমীয়া ভাষাৰ মৰণ নাই। আমাৰ ল’ৰা ছোৱালী য়ে ভালদৰে অসমীয়া ভাষা ভালদৰে পঢ়িব আৰু শিকিব লাগিব। মাক- দেউতাকে নিজৰ সন্তানক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিব লাগিব।মই আশা কৰিছোঁ সকলোৱে গ্ৰন্থখন আদৰেৰে পঢ়ি লেখকক উৎসাহিত কৰিব।” উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিল্পী প্ৰদীপ শৰ্মাই কয় ‘ গ্ৰন্থ খন তথ্য সমৃদ্ধ হৈছে। যাৰ জৰিয়তে দহ জনৰ উপকাৰ হ’ব। গ্ৰন্থখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।” সভাৰ আৰম্ভণিতে স্বর্ণ চক্ৰৱৰ্তী আৰু তেওঁৰ শিল্পী বৃন্দই সমবেত সংগীত পৰিবেশন কৰে। লেখক কৃষ্ণ হাজৰিকাই আদৰণি ভাষণত গ্ৰন্থ খনৰ আঁৰৰ কথা বহলাই কয়। বিশিষ্ট শিক্ষাবিদ ড০ পইনূৰুদ্দিন আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত সভা খনত লেখক কিশোৰ কুমাৰ কলিতা, ব্যৱস্যায়ী বিশ্বজিত দাস, ৰুমা ৰাজখোৱা, ৰতন ডেকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত গীত মাত পৰিবেশন কৰা হয়।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *