Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দিপ্তেশ্বৰী দেৱালয়ৰ দলৈ নিগমানন্দ ভট্টাচাৰ্যৰ দেহাৱসান

দিপ্তেশ্বৰী দেৱালয়ৰ দলৈ নিগমানন্দ ভট্টাচাৰ্যৰ দেহাৱসান

*দিপ্তেশ্বৰী দেৱালয়ৰ দলৈ নিগমানন্দ ভট্টাচাৰ্যৰ দেহাৱসান*

*ৰঙিয়াৰ বাসীৰ লগতে দলৈ সমিতিৰ শোক*

প্ৰতিবেদক, ৰঙিয়া ৮ নৱেম্বৰঃ ৰঙিয়া দিপ্তী নগৰ  নিবাসী ঐতিহ্যমণ্ডিত দিপ্তেশ্বৰী দেৱালয়ৰ দলৈ নিগমানন্দ ভট্টাচাৰ্যৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ। আজি কিছুদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা ভট্টাচাৰ্যৰ স্বাস্থ্যৰ অবনতি হোৱাত চাৰি দিন পূর্বে তেওঁক গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু চিকিৎসকৰ বহু চেষ্টা স্বত্বেও আজি বিয়লি প্ৰায় ৫ বজাত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে। মৃত্যুৰ আগ মূহুৰ্ত লৈকে দিপ্তেশ্বৰী দেৱালয়ৰ বাবে অহোপুৰুষাৰ্থ কৰা দলৈ ভট্টাচাৰ্যৰ প্ৰচেষ্টাৰ ফলত  দেবালয় খনৰ যে অকল  উন্নয়ন হৈছিল সেয়া নহয় দিপ্তেশ্বৰী দেৱালয় দেশ বিদেশত পৰিচিতি লাভ কৰিছিল। এগৰাকী পৰোপকাৰী, অমায়িক তথা দাতা হিচাপে ৰঙিয়াত জনপ্ৰিয়তা অৰ্জন কৰা ভট্টাচাৰ্যই প্ৰকৃতাৰ্থতে এগৰাকী ধাৰ্মিক লোক আছিল। ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও দিপ্তেশ্বৰী ৰাস মহোৎসৱ, ৰঙিয়া ৰঙালী বিহু সম্মিলনীৰ লগত তেওঁ ওতঃপ্ৰোত ভাৱে জড়িত আছিল। তেওঁ সদৌ অসম দলৈ সন্থাৰ যুটিয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।  দিপ্তেশ্বৰী দেৱালয়ত অনুষ্ঠিত সকলো পূজা অৰ্চনাত তেওঁ অংশ গ্ৰহণ কৰিছিল। ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিত্ব বিশেষকৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, লোক গীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে, জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰাৰ লগতে দেবালয়  ভ্ৰমণৰ সুবাদতে  প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ঘনশ্যাম মুৰাৰী শ্ৰী বাস্তৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। ৰঙিয়াৰ প্ৰায় সকলো সভা – সমিতি, অনুষ্ঠান – প্ৰতিষ্ঠানত ভট্টাচাৰ্যই সহায় সহযোগিতাৰ হাত আগবঢ়াইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এগৰাকী জীয়ৰী আৰু এজন পুত্ৰ সহ বহু গুণমুগ্ধক এৰি থৈ যায়। পিতৃ আগমানন্দ ভট্টাচার্যৰ মৃত্যুৰ পিছতেই দেবালয়ৰ দায়িত্ব গ্ৰহণ কৰা নিগমানন্দ ভট্টাচাৰ্যই আমৃত্যু দেবালয়ৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যায়। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে ৰঙিয়াৰ অসংখ্য লোকে তেওঁৰ দিপ্তী নগৰৰ বাসভৱনত উপস্থিত হয়। আজি তেওঁৰ নশ্বৰ দেহ বাসভৱনত ৰখা হব। কাইলৈ তেওঁৰ জন্ম গাওঁ দিপ্তেশ্বৰী গাওঁত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হব। তেওঁৰ মৃত্যুত সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ পৰে। সকলোৰে প্ৰিয় নিগমানন্দৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিশেষকৈ দিপ্তেশ্বৰী ৰাস মহোৎসৱ কমিটি, ৰঙিয়া প্ৰেছ ক্লাৱ কমলপুৰ প্ৰেছ গীল্ড, ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ লগতে ৰঙিয়াৰ প্ৰাক্তন  বিধায়কে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *