Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দিব্যাংগ সকলৰ মাজত ভোটাৰ সাক্ষৰতা অভিযান

দিব্যাংগ সকলৰ মাজত ভোটাৰ সাক্ষৰতা অভিযান

: গোলাঘাট ২৩ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰেক্ষাগৃহত দিব্যাংগ সকলৰ মাজত ডিজিটেল ভোটাৰ সাক্ষৰতা শিৱিৰ অনুষ্ঠিত হ’য়। শিৱিৰ মুকলি কৰি গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকাই কয় যে, দেশৰ প্ৰতিজন প্ৰাপ্ত বয়স্ক ভোটাৰৰে ভোটদান ত সম অধিকাৰ আছে। দিব্যাংগ সকলো একোজন ভোটাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতিৰ আধাৰত এইবাৰ দিব্যাংগ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যাৱতীয় পদক্ষেপ হাতত লৈছে। প্ৰয়োজন ত দিব্যাংগ সকলক অনা-নিয়া কৰিবৰ বাবে বাহনৰো ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে ই ভি এম,ভি ভি পেট ,বিভিন্ন তথ্য প্ৰযুক্তিগত উপকৰণৰ সম্পৰ্কত দৃশ্য-শ্ৰাব্য মাধ্যমৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হ’য়। শিৱিৰত জিলা নিৰ্বাচন বিষয়া কোকিলা গগৈ,সহকাৰী আয়ুক্ত পাপু গগৈ, নিৰ্বাচনী প্ৰশিক্ষক আক্ৰাম হুছেইন, উজনি অসম প্ৰতিবন্ধী সন্থাৰ বিষয় -ববীয়া হৈ বিশ্ব বিজয় বৰা উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *