Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দীপাৱালীৰ পৰা হ’বলগীয়া দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে নামকেয়াৰ হাস্পাতালত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে আগবঢ়াইছে এক সজাগতা কাৰ্যসূচী

দীপাৱালীৰ পৰা হ’বলগীয়া দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে নামকেয়াৰ হাস্পাতালত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে আগবঢ়াইছে এক সজাগতা কাৰ্যসূচী

 

ষ্টাফ ৰিপোপৰ্টাৰ : পোহৰৰ উৎসব দেৱালীৰ প্রকমুহূৰ্তত বজাৰত উপলব্ধ হৈছে নানা ধৰণৰ আতচবাজি তথা নানা ধৰণৰ ফটকা, কলগছ চকৰি আদি। এই ফটকা, আদিৰ ধোঁৱাৰ ফলত মানুহৰ শৰীৰত নানা ধৰণৰ ৰোগ হব পাৰে তথা এই ধোঁৱাবোৰে পৰিবেশ প্ৰদুষন কৰাৰ ক্ষেত্ৰত আগভাগ লয়।আটাইতকৈ ডাঙৰ কথাটো হল দেৱালীৰ ফটকাৰ জুই লাগি বহুজন লোক দুৰ্ঘটনাৰ বলী হৱলগীয়া হয় আৰু এনে ঘটনা দিনক দিনে বাঢ়ি যাব ধৰিছে। সেয়ে দেওবাৰে গুৱাহাটীৰ ভঙাগড়স্থিত নামকেয়াৰ হাস্পতালত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত দেৱালীৰ দুৰ্ঘটনাৰ প্ৰতিৰোধ কাৰ্যসূচীৰ সম্পৰ্কে জনসাধাৰণক সজাগতা কৰিবলৈ এখন সনবাদমেল আয়োজন কৰা হৈছে। এই সংবাদমেলত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক, বাৰ্ণ বিশেষজ্ঞ ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই কয়-” আমাৰ দেশত দেৱালীৰ বাবে সংঘটিত ঘটনা শতকৰা ১০-১২ ভাগ। এই ঘটনাৰ বলী বেছিভাগেই শিশু। বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে বাৰ্ণ ইউইনিটত চিকিৎসা কৰিবলৈ অহা অগ্নিদগ্ধ ৰোগীৰ যোৱা পাঁচ বছৰৰ (২০১০ৰ পৰা২০১৭) লৈ ৰোগীৰ তথ্য প্ৰস্তুত কৰা হৈছে ২০১০ পৰা ধৰি গলে ২০১৭ত দুৰ্ঘটনাৰ সংখ্যা মুঠ ৩৫৭ গৰাকী য’ত পুৰুষৰ সংখ্যা ২৬৭ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা ৯০ গৰাকী। আনহাতে ক’ম বয়সীয়া পুৰুষ সকল মহিলাৰ তুলনাত বেছি অগ্নিদগ্ধ হয়। নেমকেয়াৰৰৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে প্ৰত্যেক বাৰৰ দৰে এইবাৰো দেৱালীত হ’ব পৰা দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে কেইবাখনো সজাগতা সভাৰ আয়োজন কৰিছে আৰু দৃশ্য শ্ৰব্য মাধ্যমৰ যোগেদি বিভিন্ন ঠাইত বিভিন্ন ৰাইজৰ মাজত দেৱালীৰ সময়ত হবলগা দুৰ্ঘটনা প্ৰতীৰোধৰ বিষয়ে অৱগত কৰিছে। আনহাতে বাৰ্ন কেয়াৰৰ আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তাৰ ভিতৰত জুয়ে পোৰা আঘাতৰ প্ৰশিক্ষণকে ধৰি জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধী কাৰ্যসূচী অন্যতম।” সংবাদমেলত উপস্থিত থাকি নেমকেয়াৰ হাস্পাতালৰ পৰিচালক সঞ্চালক তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সভাপতি ডাঃ হিতেশ বৰুৱাই কয়-“দীপাৱলী মানে পোহৰৰ উৎসব। আমি পোহৰেৰে দীপাৱালীৰ উদযাপন কৰিব লাগে। সকলোৱে যাতে ফটকাৰ সলনি চাকিৰে দেৱালী উদযাপন কৰে তাকেই কামনা কৰিলো।”

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *