Wednesday , June 19 2019
Home / আঞ্চলিক / দুঃখৱৰ! নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

দুঃখৱৰ! নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাযৰ ঘোষণা

বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভটাচাৰ্য্যই ঠিকাভিত্তিক শিক্ষকসকলৰ আশাত চেঁচাপানী ঢালি   বিশ্বনাথ ভ্ৰমণকালত কয় যে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া নহয়।আজি শিক্ষা মন্ত্ৰীয়ে এক চৰকাৰী কাৰ্য্যসূচী লৈ বিশ্বনাথ চাৰিআলিলৈ আহোতে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছু সময় চতিয়াৰ ৰাইজ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত মতবিনিময় কৰাৰ সময়ত বিদ্যালয় খনৰ কৰ্মৰত ঠিকাভিত্তিক নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ সমস্যাৰ কথা কওঁতে শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ পুজি নাই আৰু পুজি পালেহে এই সন্দৰ্ভত চিন্তা কৰিব চৰকাৰে।
সাংবাদিকৰক আগতো মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এই সকল শিক্ষকৰ নিয়মিয়াকৰণ সম্ভৱ নহয়।শিক্ষামন্ত্ৰীয়ে কয় যে ২০১০ চনত নিযুক্ত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ নহয়, পূৰ্বৰ শিক্ষামন্ত্ৰীয়ে পৰৰিকল্পনাবিহীনভাৱে নিযুক্তি দিছিল শিক্ষকসকলক।বেতন দিবলৈ সামৰ্থ নথকাৰ বাবেই তেওঁ নিযু্ক্তি দিব নোৱাৰে বুলি কয়।কৰে।উল্লেখ্য যে ২০১০ চনত বিশ্বনাথ চাৰিআলিত তদানিন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনৰ ৬৫০০ মেধাৱী যুৱক যুৱতীক হাইস্কুল সমূহত নিযুক্তি দিয়া হৈছিল।এই সকল শিক্ষকে চাকৰি নিয়মীয়া কৰণৰ বাবে বিভিন্ন সময়ত আন্দোলনো কৰি আহিছিল।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *