Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / দুটা ভাগত বিভক্ত হ’ল সদৌ অসম নাৰ্ছ সন্থা

দুটা ভাগত বিভক্ত হ’ল সদৌ অসম নাৰ্ছ সন্থা

 

  1. ষ্টাফৰিপৰ্টাৰ, ৩০ নৱেম্বৰ, দুটা ভাগত বিভক্ত হ’ল সদৌ অসম নাৰ্ছ সন্থা। নাৰ্ছ সন্থাৰ সভানেত্ৰী অঞ্জনা শইকীয়াৰ সিদ্ধান্তৰ বিৰোধিতা সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়া, প্ৰচাৰ সম্পাদিকা পল্লৱী গোহাঁই আৰু সাংগঠনিক সম্পাদিকা জোনমণি সাধনিদাৰৰ। বৃহস্পতিবাৰে চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল নাৰ্ছ সন্থাৰ ভানেত্ৰীগৰাকীয়ে। সভানেত্ৰীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আজিৰে পৰা পুনৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত নাৰ্ছসকলৰ। চৰকাৰৰ সৈতে হোৱা আলোচনাক লৈ মুঠেই সন্তুষ্ট নহয় নাৰ্ছসকল অথবা নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকাৰ লগতে আন বিষয়ববীয়াসকল। কিয়নো উকা কাগজত কাৰ্য বিৱৰণী দি দায়িত্ব সামৰি আলোচনাৰ নামত আঁভুৱা ভাৰিছে বুলি অভিযোগ নাৰ্ছ সন্থাৰ বিষয়ববীয়াসকলৰ।

 

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *