Friday , December 13 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / *দুলীয়াজানৰ কেইবাটাও সংগঠনৰ উদ্যোগত যৌথ সভা সম্পন্ন*

*দুলীয়াজানৰ কেইবাটাও সংগঠনৰ উদ্যোগত যৌথ সভা সম্পন্ন*

 

ষ্টাফৰিপৰ্টাৰ, ১০ মে’ : দুলীয়াজান সাহিত্য সভা ভৱনত শুকুৰবাৰে দুলীয়াজানৰ কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত এখনি বিশেষ সভা অনুষ্ঠিত হয়।সভাৰ সভাপতিত্ব কৰে জিতু শইকীয়াই আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মনোজ ওৰাওঁৱে। অইল ইণ্ডিয়াৰ কৰ্মচাৰীসম্পৰ্কৰক্ষী বিভাগৰ দ্বাৰা নিয়ন্ত্রিত অইল বজাৰখনৰ এচাম ব্যৱসায়ীয়ে নিজ খেয়াল খুচি মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অবাধ হাৰত বৃদ্ধি কৰি আহিছে যদিও অইলৰ কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগে নাকি লগাবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি নিয়ন্ত্রণৰ লগতে অইল বজাৰত সামগ্ৰীৰ নাম তথা মূল্যসহ ডিজিটেল ফলক লগোৱাৰ দাবীত দুলীয়াজানৰ গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদ আৰু আদিবাসী মহিলা সমিতিৰ লগতে কেইবাটাও স্থানীয় সংগঠনৰ যৌথ উদ্যোগত ১৪ মে’ৰ পৰা অইলৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। কাৰ্য্যসূচী অনুসৰি অহা ১৪ মে’ত অৱস্থান ধৰ্মঘট, ২০ মে’ত প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী আৰু ২২ মে’ তাৰিখে কৰ্মচাৰীসম্পৰ্কৰক্ষী বিভাগৰ মূৰব্বীৰ আবাসগৃহ ঘেৰাওঁ কাৰ্য্যসূচী গ্ৰহণ কৰিব।
উল্লেখ্য যে, যোৱা কিছু বছৰ ধৰি অইল বজাৰত এচাম ব্যৱসায়ীয়ে স্ব-ইচ্ছাৰে দুই তিনি মাহৰ মূৰে মূৰে মাছ, মাংসকে আদিকৰি বিভিন্ন অত্যাবশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি কৰি অহাৰ বাবে উল্লেখিত সংগঠন কেইটাই অইল কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগৰ মূৰব্বীজনক লিখিত অভিযোগ দিয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰপৰা বিৰত থকাৰ পৰিপ্ৰেক্ষিতত আজি সংগঠন কেইটাই এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতো যদি কৰ্তৃপক্ষই তাৎকালীনভাৱে যাৱতীয় পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত নহয় তেন্তে অইল অৱৰোধৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি বিবৃতিৰ যোগেদি সংগঠন কেইটাই স্পষ্ট কৰিছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *