Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / দুৰ্গা পূজা পৰিচালনা সমিতিৰে ৰঙিয়া প্ৰশাসনৰ বৈঠক

দুৰ্গা পূজা পৰিচালনা সমিতিৰে ৰঙিয়া প্ৰশাসনৰ বৈঠক

*দুৰ্গা পূজা পৰিচালনা সমিতিৰে ৰঙিয়া প্ৰশাসনৰ বৈঠক*

*নিয়ম-শৃংখলাৰে পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান— মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ*

প্ৰতিবেদক, ৰঙিয়া,  ১২ চেপ্তেম্বৰ ঃ: আগন্তুক শাৰদীয় শ্ৰীশ্ৰী দুৰ্গোৎসৱটি  শান্তি- শৃংখলাৰ পৰিবেশত  সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে পূজা সমিতি সমূহক লৈ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত কৰে এখনি গুৰুত্বপূৰ্ণ বৈঠক । ৰঙিয়া মহকুমাৰ  মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ পৌৰহিত্যত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পূজা উদযাপনৰ ক্ষেত্ৰত সমিতি সমূহে মানি চলিবলগীয়া  আইন-শৃংখলাজনিত বিভিন্ন দিক্ নিৰ্দেশনাৰ বিষয়ে অৱগত কৰোৱা হয় । পূজা শৃংখলাবদ্ধভাৱে চলাই নিবলৈ দায়িত্বশীল স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে মণ্ডপ সমূহত পুৰুষ- মহিলাৰ বাবে  সুকীয়া প্ৰৱেশ পথৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক মহকুমাধিপতি বৰদলৈয়ে পৰামৰ্শ আগবঢ়ায় । তদুপৰি পূজামণ্ডপ সমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে পূজা চৌহদ সমূহ চি চি টিভি কেমেৰাৰ আওঁতাত ৰাখিবলৈ সমিতি সমূহক নিৰ্দেশনা দিয়ে । দেৱীৰ মূৰ্তি অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিবলৈও মহকুমাধিপতিয়ে সমিতি সমূহক পৰামৰ্শ আগবঢ়ায়। পূজা সমিতি সমূহে মণ্ডপৰ আশে পাশে পলিথিন,প্লাষ্টিকৰ কাপ আদি যাতে ব্যৱহাৰ নকৰে তাৰ প্ৰতি চকু দিয়াৰ লগতে দেৱীৰ প্ৰতিমা নিৰ্মাণত প্ৰাকৃতিক ৰং আৰু প্ৰদুষণ নোহোৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় । দোকান-পোহাৰ সমূহকো য’তে ত’তে আৱৰ্জনা নেপেলাই পনীয়া আৰু শুকান আৱৰ্জনাৰ বাবে সুকীয়া ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ উপৰি স্বাস্থ্যসন্মত খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। আনৰ মাটিত বা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাটিত পূজা উদযাপনৰ বাবে আবেদনৰ সৈতে আপত্তিবীহিন প্ৰমাণপত্ৰ গাঠিঁ দিবলৈ সমিতি সমূহক পৰামৰ্শ দিয়ে । পূজা সমিতি সমূহক মাইক্ ব্যৱহাৰৰ সময়সীমাৰ বিষয়ে উনুকিয়াই সমিতিসমূহক অগ্নিনিৰ্বাপকৰ সজুঁলি মজুত ৰাখিবলৈ কয়। বিজয়া দশমী পৰ্যন্ত শ্ৰদ্ধা আৰু ভক্তিৰ মাজত সুকলমে  পূজা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে  প্ৰতিমা   বিসৰ্জনৰ সময়তো শান্তি-শৃংখলা অটুত ৰাখি প্ৰশাসনক সহযোগিতা  আগবঢ়াবলৈ সমিতি তথা ৰাইজক আহ্বান জনায় । আজিৰ বৈঠকত সহকাৰী আয়ুক্ত কুমাৰ সুৰজিৎ বৰা, জয়ন্ত দাস, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা, কঞাঁ ৰাজহ চক্ৰ বিষয়া মণিকংকণা ভট্টাচাৰ্য্য, সহকাৰী আয়ুক্ত চম্পক ডেকা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে  ৰঙিয়া মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া,  পূজা সমিতি সমূহৰ প্ৰতিনিধি বৰ্গ আৰু স্থানীয় বহু গণ্য মান্য লোক উপস্থিত থাকে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *