Wednesday , January 29 2020
Home / চিত্ৰ-সংবাদ / দেশৰ এই পৰিস্হিতিত সকলো একগোট হৈ থিয় হ’ব লাগিব—-চাহিদ মালিয়া

দেশৰ এই পৰিস্হিতিত সকলো একগোট হৈ থিয় হ’ব লাগিব—-চাহিদ মালিয়া

 

গুৱাহাটীত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চাহিদ মালিয়া আৰু জনিতা গান্ধীৰ সংগীতানুষ্ঠান

ষ্টাফৰিপৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী, ” মানৱতা প্ৰথম তাৰ পিছত দেশপ্ৰেম। দেশৰ পৰিস্হিতি দেখি অতি দুখ লাগিছে। মই কামাখ্যা মন্দিৰত দেশৰ দহৰ বাবে বহুবাৰ প্ৰাৰ্থনা কৰিছোঁ। লগতে জম্মু কাশ্মীৰৰ পুলবামত নিহত শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনালোঁ—-এইদৰে কয় বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চাহিদ মালিয়াই। শনিবাৰে গুৱাহাটীৰ গ্ৰীণউড ৰিচৰ্টত অনুষ্ঠিত এখন সংবাদমেল যোগে চাহিদ মালিয়াই লগতে কয় ” দেশখন সুখী হ’লে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি ভাল লাগে। দেশৰ এই পৰিস্থিত মনটো দুখী হৈ আছে । আজি দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই এটি দেশ প্ৰেম মূলক গীত পৰিৱেশন কৰি বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাম। দেশৰ এই পৰিস্হিতিত সকলো একগোট হৈ থিয় হ’ব লাগিব। দেশক আক্ৰমণ কৰিলে প্ৰতিহত কৰিবলৈ বন্দুকো হাতত তুলি ল’ব লাগিব। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ দেশ মাতৃক ৰক্ষাৰ বাবে সাজু হ’ব লাগিব। সৈনিক, দেশ , দেশৰ নেতাৰ কাষ চাপিব লাগিব। সংগীতৰ জৰিয়তে মই যিমান পাৰোঁ শান্তি সম্প্ৰীতিৰ বাবে বুজাব প্ৰয়াস কৰিম। মোক আজিলৈকে যিবোৰ শ্ৰদ্ধাৰ ব্যক্তিয়ে গীত গোৱাৰ সুযোগ দিলে সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ। সাংবাদিক সকল সমাজৰ দাপোন সেইদৰে শিল্পী সকলো সমাজৰ দাপোন। প্ৰথমবাৰ অসমলৈ আহি অভিভূত হৈছোঁ। সুযোগ সুবিধা পালে অসমৰ চলচ্চিত্ৰত গান গাবলৈ মই আগ্ৰহী। ইয়াৰ মানুহ বোৰ বৰ মৰমিয়াল। অসমৰ পৰা চাহ, মন্দিৰৰ প্ৰসাদ লৈ যাম। মিঠাই বোৰৰো বৰ সোৱাদ। ইয়াৰ মন্দিৰ, ব্ৰহ্মপুত্ৰ নদী সুন্দৰ। মই শুকুৰ বাৰে গুৱাহাটীলৈ আহিছোঁ। মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছোঁ। শিল্পী গৰাকীয়ে লগতে “দৰিয়া” চলচ্চিত্ৰ খনৰ এটি গীতৰ কলি পৰিবেশন কৰে। এম টি ভি আন প্লাগত অসমৰ পাপনৰ গীত বহুত ভাল লাগিছিল। প্ৰথম ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদানৰ উদেশ্য আৰম্ভ হোৱা ‘ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এমটিভি আনপ্লাগ, ৰ অষ্টম সংস্কৰণ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হব। ভাৰতবৰ্ষৰ বিখ্যাত চহৰ বাৰণসীৰ ৮চিটি টাৱাৰ পৰা আৰম্ভ হোৱা সংগীতৰ এই বিশাল যাত্ৰাই ইতিমধ্যে কলিকতা, নাগপুৰ ৰাচিভি ,গুড়গাঁও , আদিত সফল ভাৱে অনুষ্ঠান পৰিবেশ কৰাৰ পিছত ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিব জনীতা গান্ধী আৰু চাহিদ মালিয়াই তেওঁলোকৰ মনপচন্দ গীত পৰিবেশন কৰি দৰ্শকক আমোদ দিয়ে।
উল্লেখযোগ্য যে ৰয়েল ষ্টেগ বেৰেল চিলেক্ট
এমটিভি আনপ্লাগ ৰ জৰিয়তেই দিলজিত ডোচান্স , বেণী ডায়েল, গুৰু ৰণধৱা, চনো নিগম, নীতি মোহনকে ধৰি অনেক খ্যাতি নামা সংগীত শিল্পীয়ে বা এই মঞ্চৰ জৰিয়তেই জনপ্ৰিয়তা লাভ কৰিছে। আনহাতে এই শিল্পী সকলেও এতিয়া ইয়াত অনুষ্ঠান পৰিবেশন কৰিব । ইয়াৰ ওপৰিও গুৱাহাটীত সফলতাৰে অনুষ্ঠান পৰিবেশ কৰাৰ পিছত দিল্লী হায়দৰবাদত সংগীতৰ অনুষ্ঠান কৰা হ’ব।
এই অনুষ্ঠানত পাৰন্দ ৰিচাৰ্ডৰ মুখ্য বাণিজ্যিক বিষয়া কাৰ্তিক মহীনড্ৰাই কয় যে ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এমটিভি আনপ্লাগে ভাৰতীয় সংগীতৰ জয় যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া সচাঁকৈয়ে প্ৰশংসনীয়।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *