Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দেশৰ পৰৱৰ্তী কেবিনেট সচিব ৰাজীৱ গৌবা!

দেশৰ পৰৱৰ্তী কেবিনেট সচিব ৰাজীৱ গৌবা!

 

চলিত মাহত অন্ত পৰিব পি কে সিনহাৰ কাৰ্যকাল

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত ল’লে নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে গঠন হ’ল মোদীৰ মন্ত্ৰীসভাও। এতিয়া বাকী তেওঁৰ নিজৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টীম গঠনৰ প্ৰক্ৰিয়া। দেশৰ আমোলাসকলৰ শীৰ্ষপদ কেবিনেট সচিব পদত কাম কৰি থকা পি কে সিনহাৰ কাৰ্যকাল এই মাহতে সমাপ্ত হ’ব। এতিয়া শক্তিশালী টীমৰ শীৰ্ষ পদটোৰ বাবে অধিক চৰ্চাত আছে ৰাজীৱ গৌবাৰ নাম। বৰ্তমান কেন্দ্ৰীয় গৃহ সচিব তথা ১৯৮২ বেটছৰ ঝাৰখণ্ড কেডাৰৰ আই এ এছ বিষয়া ৰাজীৱ গৌবাৰ উপৰি এই তালিকাত নাম আছে জম্মু–কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সুব্ৰমনিয়মৰো। সুব্ৰমনিয়ম ১৯৮৭ বেটছৰ ছত্তীশগড় কেডাৰৰ আই এ এছ বিষয়া। কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিশ্বস্ত সূত্ৰ অনুসৰি, ৰাজীৱ গৌবাৰ নাম প্ৰায় নিশ্চিত হৈছে এই পদৰ বাবে। যদিহে ৰাজীৱ গৌবা কেবিনেট সচিব পদত অধিষ্ঠিত হয়, তেন্তে তেওঁৰ কাৰ্যকাল হ’ব দুবছৰ। ইয়াৰ পিছত তেওঁৰ কাৰ্যকাল আৰু দুবছৰ বৃদ্ধি কৰিব পৰা পাৰে। ইয়াৰ পূৰ্বে পি কে সিনহাক ২০১৫ চনত কেবিনেট সচিব হিচাপে নিৰ্বাচিত কৰা হৈছিল। তেওঁৰ কাৰ্যকাল ২০১৭ চনত সম্পূৰ্ণ হৈছিল যদিও ২০১৮লৈ বৃদ্ধি কৰা হয়। ইয়াৰ পূৰ্বে অজিত কুমাৰ শেঠ আৰু কে এম চন্দ্ৰশেখৰে এই পদত চাৰি বছৰকৈ দায়িত্বত আছিল। উল্লেখযোগ্য যে ৩১ আগষ্টত ৰাজীৱ গৌবাই কেন্দ্ৰীয় গৃহ সচিব হিচাপে দুবছৰ সম্পূৰ্ণ কৰিব। ‘ফাইনেন্সিয়েল টাইম্ছ’ৰ এক ৰিপ’ৰ্ট অনুসৰি, গৃহ সচিবৰ দায়িত্বৰ বাবে তেওঁক স্পেচিয়েল ডিউটিত অনা হৈছিল। প্ৰকৃততে ২০১৭ চনত ৰাজীৱ মহৰ্ষিৰ কাৰ্যকাল সম্পূৰ্ণ হৈছিল। তেতিয়া ভাৰত চৰকাৰক এনে এজন বিষয়াৰ প্ৰয়োজন হৈছিল যিগৰাকীয়ে এই পদ চম্ভালিব পাৰে। তেতিয়া ৰাজীৱ গৌবাক বিহাৰ–ঝাৰখণ্ডৰ পৰা স্পেচিয়েল ডিউটিত অনা হৈছিল।ৰাজীৱ গৌবাই বিহাৰ আৰু ঝাৰখণ্ড চৰকাৰত গুৰুত্বপূৰ্ণ পদত থকাৰ উপৰি জম্মু–কাশ্মীৰ আৰু উত্তৰ–পূবৰ ৰাজ্যত কেইবাটাও উগ্ৰপন্থীবিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজীৱ গৌবাৰ জন্ম ১৯৫৯ চনৰ ১৫ আগষ্টত। বিহাৰৰ ৰাজধানী পাটনাত পঢ়া–শুনা কৰিছিল গৌবাই। পাটনা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল তেওঁ। তাৰ পিছত ১৯৮২ বেটছৰ পৰা আই এ এছ বিষয়াৰূপে নিৰ্বাচিত হয়। অটল বিহাৰী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ ব্যক্তিগত সচিবো আছিল গৌবা।

About Staff Reporter

চাব পাৰে

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ …

Leave a Reply

Your email address will not be published. Required fields are marked *