Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / দ্ৰুতবেগী আল্ট্ৰাৰ খুন্দাত নিহত পথচাৰী৷

দ্ৰুতবেগী আল্ট্ৰাৰ খুন্দাত নিহত পথচাৰী৷

#জামুগুৰিহাটৰ টৌভঙাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা৷
#দ্ৰুতবেগী আল্ট্ৰাৰ খুন্দাত নিহত পথচাৰী৷2
জামুগুৰিহাটৰ পৰা জোন বৰা,৫ এপ্ৰিল:জামুগুৰিহাটৰ টৌভঙাত আজি সন্ধ্যা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷তেজপুৰৰপৰা লক্ষীমপুৰ অভিমুখী AS-12-AC-2691নম্বৰৰ তীব্ৰবেগী যাত্ৰীবাহি আল্ট্ৰা বাছৰ খুন্দাত নিহত লোকজন টৌভঙা বিলদোঙা গাঁৱৰ মহাবীৰ প্ৰধান(৫৫)৷সন্ধ্যা পোহনীয়া গাই গৰুৰ বাবে ধানকলৰ পৰা তুঁহগুৰি নিবলৈ আহোতেই এনেদৰে কৰুণ মৃত্যুক আকোৱালী লবলগীয়া হ’ল ব্যক্তিজনে৷ইফালে দূৰ্ঘটনাটো সংঘটিত কৰিয়েই বাছখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মুকলি পথাৰত সোমাই যোৱাৰ ফলত বাছখনৰ কেবাগৰাকীও যাত্ৰী আহত হ’বলগীয়াও হয়৷আহতসকলক ততাতৈয়াকৈ ধলাইবিলস্থিত উত্তৰ জামুগুৰি ৩০ খন বিছনাযুক্ত চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ অনা হয় যদিও বাছখনৰ চালক আৰু হেণ্ডমেন দূৰ্ঘটনাতো সংঘটিত কৰিয়েই পলায়ন কৰে৷অন্যহাতে দূৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যাৰফলত প্ৰায় এক ঘন্টা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োদিশে বহু দুৰণীবতিয়া যানবাহন আবদ্ধ হৈ পৰে ৷অৱশ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে পূৰ্বেও দ্ৰুতবেগী যাত্ৰীবাহি বাছৰ খুন্দাত বহুকেইগৰাকী লোকে সেইস্থানত মৃত্যুক আকোৱালী ল’বলগীয়া হৈছে৷আজি যাত্ৰীবাহি বাছৰ খুন্দাত নিহত মহাবীৰ প্ৰধানে পত্নী আৰু দুই পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে৷3

About Staff Reporter

চাব পাৰে

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *