Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ধৰ্মপুৰ অগপৰ সভাপতি সোণেশ্বৰ পাটোৱাৰীৰ পদত্যাগ

ধৰ্মপুৰ অগপৰ সভাপতি সোণেশ্বৰ পাটোৱাৰীৰ পদত্যাগ

 

ষ্টাফৰিপোৰ্টাৰ, ৪ ফেব্ৰুৱাৰী : ধৰ্মপুৰ অগপৰ সভাপতি সোণেশ্বৰ পাটোৱাৰীৰ পদত্যাগ কৰিছে।
চামতা .ধৰ্মপুৰ অগপৰ সভাপতি সোনেশ্বৰ পাটোৱাৰীয়ে আজি অগপ দল আৰু পদৰ পৰা পদত্যাগ কৰে । দলৰ শীৰ্ষ নেতৃত্বই পূৰ্বৰ দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে স্থিতি লোৱাত অগপৰ তৃণমূল কৰ্মীসকলে তিনি মন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল । নলবাৰী জিলা অগপ ইও অৱস্থান ধৰ্মঘট কৰিছিল তিনি মন্ত্ৰীৰ পদত্যাগৰ দাবী তুলি । আমবাৰীলৈ মাতি নি বহুতৰ মূখত পিঠা ভৰাই দিয়া হ’ল । স্বেচ্ছাচাৰীতাৰে দলৰ সাধাৰণ পৰিষদৰ সভা বাৰে বাৰে পিছুৱাই থকা হ’ল। অকল ক্ষমতাৰ বাবেই বিজেপিৰ নেগুৰত ধৰি আঞ্চলিকতাবাদক হত্যা কৰিবলৈ উদ্যত হৈছে অতুল বাহিনীয়ে । আঞ্চলিকতাবাদৰ সুৰক্ষাৰ অঙ্গীকাৰ লৈয়ে অগপ দলৰ পৰা পদত্যাগ কৰিলো – এটা বিবৃতি এনেদৰে কয় পাটোৱাৰীয়ে । তেওঁ আৰু কয়- “মৰিমেই যেহেতু বদন হৈ নামৰো ।”

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *