Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ
বইটামাৰী আৰক্ষী চকী এলেকাৰ ঢোৰবাৰী গাঁৱত থকা চম্পাৱতী নৈৰ বালিৰ মহলৰ সমীপত আজি পুৱাৰ ভাগত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে আজি পুৱাৰ ভাগত উক্ত অঞ্চলটোৰ চম্পাৱতী নৈৰ দলঙৰ দক্ষিণ দিশত থকা বালিৰ মহলৰ সমীপত নাওৰে মহলত কাম কৰা একাংশ শ্ৰমিকে নৈৰ পানীত ওপঙি থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বইটামাৰী আৰক্ষীক অৱগত কৰে । লগে লগে বইটামাৰী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । কিছু সময় পিছতে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হয় । পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পিন্ধিনত আছিল কেৱল এটা অন্তৰ্বাস । আনুমানিক ২৫ বছৰ মান বয়সৰ মহিলা গৰাকীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট ।সেয়ে স্থানীয় লোকে এষাৰ এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *