Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নগাঁৱত কল্পনা হাজৰিকা গায়নৰ গল্পৰ নাট্যৰূপ “গোন্ধ” মঞ্চস্থ

নগাঁৱত কল্পনা হাজৰিকা গায়নৰ গল্পৰ নাট্যৰূপ “গোন্ধ” মঞ্চস্থ

: মীনাক্ষী ফুকন । গোলাঘাট। মাৰ ৰিহাৰ স্মৃতি বিজড়িত গোন্ধৰ অনুভূতিয়ে যেনেকৈ আমাক কিছুসময়ৰলৈকে আনন্দ বা বিষাদেৰে ভৰাই তোলে , তেনেকৈ প্ৰচুৰ ঘ্ৰাণ শক্তি থকা অদিতি নামৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী গৰাকীৰ বিভিন্ন সময়ত ডোলা দিয়া স্মৃতি অনুভূতিৰ অভিজ্ঞতা প্ৰকাশৰ জৰিয়তে সৃষ্টি হোৱা এটা গল্পৰ কাহিনী “গোন্ধ”।। ১১ মে’, নগাঁৱৰ অভিমুখ ,নতুনৰ নাটঘৰ আৰু পথিক চাহ চাঙৰ যুটীয়া উদ্যোগত নগাঁও নাট্যমন্দিৰত অসমীয়া সাহিত্য জগতৰ কথা -সাহিত্যিক কল্পনা হাজৰিকা গায়নৰ গল্প “গোন্ধ” ৰ একে নামৰ নাট্যৰূপ “গোন্ধ” , কবি, নাট্যকাৰ, পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নাট্যৰূপ আৰু পৰিচালনাত মঞ্চস্থ হৈ যায়। যোগাত্মক দিশ বুলিলে নাটখনিত এটা কথা প্ৰথমৰ পৰাই অনুভৱ হ’ল যে , গল্পটোৰ নাটকীয় ৰূপ দিবলৈ যেন যথেষ্ট কষ্ট কৰিলে নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞাই। লগতে এঘন্টা দহ মিনিট দৈৰ্ঘ্যৰ নাটখনত সকলো সময়তে পৰিচালকৰ উপস্থিতি বিদ্যমান হৈ আছিল। নাটকীয় ট্ৰিটমেন্টত প্ৰতীক ৰূপত সম্বন্ধৰ বান্ধোন ৰচী, ৰৱাব টেঙাটো, আইনাখনৰ ব্যৱহাৰ সুন্দৰ হৈছে। একেধৰণেৰে স্প্ৰেত বিয়পি পৰা ৰ কৃত্ৰিম গোন্ধেও ক্ষন্তেকৰ বাবে আনিব পাৰে জীৱনৰ ৰং বা কাৰোবাৰ গেঞ্জীৰ পৰা নিৰ্গত হোৱা চাবোনৰ গোন্ধে আনিব পাৰে প্ৰেমৰ শিহৰণ অথবা সংঘাত।সুক্ষ্ম অনুভৱ সমৃদ্ধ গল্পটি নাটকৰ ৰূপ দিয়াতো ইমান সহজ নাছিল যদিওঁ নাট্যকাৰ তথা পৰিচালকে কলাসন্মতভাৱে এটা কবিতাৰ দৰে নাটখনি আগবঢ়াই লৈ গৈছে। প্ৰধানকৈ মাতৃৰ ৰিহাৰ গোন্ধৰ স্মৃতিয়ে শৈশৱৰ লগত পতা কথোপকথনৰ দৃশ্যটোৱে সকলো দৰ্শকক যেন আৱেগিক কৰি তুলিছিল। প্ৰতীকিৰূপত এডাল ৰচীৰে বান্ধ খাই থকা সম্বন্ধবোৰ , আইনাৰ সমুখত অৰ্থাৎ নিজৰ সতে হোৱা কথোপকথন, স্প্ৰেৰ কৃত্ৰিম গোন্ধত পোৱা কিছু আনন্দ , ৰবাৱ টেঙাটোৰ পৰা ভাহি অহা স্মৃতি জড়িত গোন্ধ অদিতিৰ গল্পৰ উৎস হ’ল। অৰ্থাৎ প্ৰচুৰ ঘ্ৰাণ শক্তি থকা অদিতিৰ প্ৰখৰ অনুভৱে এটা গল্পৰ জন্ম দিলে। নাটখনি সফলতাৰ অন্য এক যোগাত্মক দিশ আছিল চূড়ামণি দত্তৰ সংগীত সংগত। পৰিবেশ সাপেক্ষে কৰা সংগীত সংগতে নাটখনিক এক মাত্ৰা দিলে। অভিনয়ৰ ক্ষেত্ৰত ডাঙৰ অদিতিৰ চৰিত্ৰত অশ্ৰুমণি বৰা , বিদ্যুৎ কুমাৰ নাথৰ অভিনয় নাটকৰ দাবী অনুযায়ী হৈছে । দীপ বৰা কোনো সময়ত দৰ্শকৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা যেন লাগিছিল । আৰু অলপ অনুশীলনৰ প্ৰয়োজন নিশ্চয়কৈ আছিল। সৰু অদিতিৰ চৰিত্ৰত অদিতি ভূঞাৰ অভিনয়ৰ ৰেখাডাল বাকী দুটা চৰিত্ৰৰ লগত একেলগে যোৱা নাই যদিওঁ অনুশীলন অব্যাহত ৰাখিলে ভৱিষ্যত আছে। খুউৱ সাধাৰণ আৰু কলাসন্মত ৰূপত উপস্থাপন কৰা মঞ্চ সজ্জাত পঙ্কজ নাথ,উজ্জ্বল নাথ আৰু হিৰণ্য বৰা সফল হৈছে।একেদৰে সাজ সজ্জাও নাটকৰ দাবীনুসৰি হৈছে। ৰূপসজ্জাত উৎপল কলিতা সফল হৈছে। যদিও পোঁহৰ প্ৰক্ষেপণত পৰিচালকে অধিক মন দিয়াৰ থল থাকি গ’ল। কোনো মূহুৰ্ত্বত নাটকৰ লয়ৰ লগত যেন পোঁহৰৰ গতিৰ তাল- মিল নঘটিল। এইটো সত্য যে, কাহিনী নোহোৱাকৈয়ে কেৱল অনুভৱ সমৃদ্ধ এটি গল্পৰ আলমত এনেদৰে দিয়া নাট্যৰূপে নাটখনক এক গভীৰ মাত্ৰা দিলে। যি মনস্তাত্বিকতাই নাট্যকৰ্মীক সুক্ষ্ম অনুভৱেৰে আৰু এঢাপ আগবঢ়ায়।

About Staff Reporter

চাব পাৰে

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ …

Leave a Reply

Your email address will not be published. Required fields are marked *